শিলচৰত অঘটন : ঔষধৰ বটলত ওলাল মাখি

শিলচৰত অঘটন : ঔষধৰ বটলত ওলাল মাখি

author-image
Asomiya Pratidin
New Update
শিলচৰত অঘটন : ঔষধৰ বটলত ওলাল মাখি

ডিজিটেল সংবাদ,শিলচৰ : সাৱধান ! জীৱনদায়িনী ঔষধে বিপদ ঘটাব পাৰে আপোনাক অথবা আপোনাৰ শিশুটিক । ৰোগ নিৰাময় কৰিবলৈ জীৱনদায়িনী ঔষধ ব্যৱহাৰ কৰা হয় । কিন্তু এইবাৰ এই জীৱনদায়িনী ঔষধৰ বটলত পোৱা গ'ল গেলা পচা মাখি।

Advertisment

এই ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে কাছাৰ জিলাৰ লক্ষীপুৰ চহৰত। জানিব পৰা মতে এটি ১৮ মহীয়া কণমানি শিশুৰ জ্বৰত ভুগি থকাৰ বাবে ক্ৰয় কৰিছিল ঔষধৰ বটল।

এই বটলটোৰ ভিতৰতে উদ্ধাৰ হৈছে অৰ্ধগলিত মাখি। চিকিৎসকৰ পৰমৰ্শ মতে, এখন ফাৰ্মাচীৰ পৰা Ipca Laboratories Ltd. কোম্পানীৰ Pacimol MF) 125 নামৰ জ্বৰৰ ঔষধৰ বটনটো ক্ৰয় কৰিছিল জয়দীপ দাস নামৰ ব্যক্তিজনে।

ঘৰলৈ আহি কণমানি শিশুটিক ঔষধ খুৱাই দিছিল, কিন্তু দ্বিতীয়‌বাৰ যেতিয়া ঔষধ খুওৱাবলৈ লয় তেতিয়াই দেখা পাই যে বটলৰ ভিতৰত থকা এই গেলাপচা মাখিৰ উপস্থিতি। এই ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ পিচত আতংকিত হৈ পৰিছে পৰিয়ালটো।

Also Read: কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট যুৱতীয়ে জিনিলে বিশ্ব সুন্দৰীৰ খিতাপ

Silchar