/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/d2f4ae79-9ba0-4309-bc42-ea065b01fd51/1.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰৰ গুৰুচৰণ কলেজৰ ছাত্ৰ-ছাত্ৰীক স্নাতক পৰ্যায়ত নামভৰ্তি কৰাৰ দাবীত শুকুৰবাৰে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে কলেজখনৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে। বিক্ষোভ স্থলীত বিভিন্ন শ্ল’গান দি পৰিস্থিতি উত্তাল কৰি তোলে ছাত্ৰ-ছাত্ৰীসকলে।
নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ- জিচি কলেজত উচ্চতৰ মাধ্যমিকত দুবছৰ পঢ়াৰ পিছতো তেওঁলোকক স্নাতক পৰ্যায়ত নাম ভৰ্তি কৰিবলৈ দিয়া নাই কলেজ কতৃপক্ষই। অথচ অন্য কলেজৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলক নামভৰ্তিৰ সুবিধা দিয়া হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/722fc15b-76cc-4909-96fd-8d6471d79b82/43002fff-a23a-4a2d-8af2-5a36cdfdda68.jpg)
কিয় তেওঁলোকক স্নাতক পৰ্যায়ত নামভৰ্তিৰ পৰা বঞ্চিত কৰা হব বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে। এই বিষয়টোক লৈ কেইবাবাৰো কলেজৰ সন্মুখত আন্দোলন কৰিছিল বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলে। কিন্তু কোনো ফল নোপোৱাত শুকুৰবাৰে জিলা আয়ুক্তৰ কাৰ্যলয়ত বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ বাধ্য হয় ছাত্ৰ-ছাত্ৰীসকল।
শুকুৰবাৰে যিহেতু নাম ভৰ্তিৰ অন্তিম দিন, গতিকে তেওঁলোকৰ সমস্যা শুকুৰবাৰৰ ভিতৰতে সমাধান হ’ব লাগিব। নহলে তেওঁলোকৰ ভৱিষ্যত নষ্ট হৈ যাব আৰু ইয়াৰ বাবে দায়ী হব কলেজ কতৃপক্ষ আৰু প্ৰশাসন । এই প্ৰতিবাদৰ শেষত ছাত্ৰ-ছাত্ৰীসকলে জিলা আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । এই প্রতিবাদত এবিভিপিৰ কেইবাগৰাকী ছাত্র-ছাত্রীও উপস্থিত আছিল।
Also Read: কেবিনেটত ইমান খানা কিয় যোগাৰ কৰা হৈছিলঃ নলবাৰীৰ আয়ুক্তক প্ৰশ্ন মুখ্যমন্ত্ৰীৰ...