/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/47639a13-070d-45a3-8047-0c6e827fff89/4.jpg)
ডিজিটেল ডেস্কঃ শিলচৰ ঘুংঘুৰ ভেটাৰনাৰিত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড।পেলনীয়া সামগ্রীভৰ্তি এটা গুদামত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। এই অগ্নিকাণ্ডৰ ফলত জুইত সম্পূৰ্ণৰূপে জাহ গ’ল গুদামঘৰটো।
বৰ্তমানলৈ এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। ইতিমধ্যে ৩খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।
Also Read: ৰণক্ষেত্ৰত পৰিণত ফুটবল খেলপথাৰ : মাৰপিটত গুৰুতৰভাৱে আহত কেইবাজনো