কাছাৰ জিলাত ৫টা নতুন প্ৰকল্পৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

কাছাৰ জিলাত ৫টা নতুন প্ৰকল্পৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

ডিজিটেল সংবাদ, শিলচৰ: বৃহস্পতিবাৰে শিলচৰত কল্পতৰু ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। কাছাৰ জিলাত এটাৰ পিছত আন এটা নতুন প্ৰকল্পৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে । কাটিগৰা‌, বৰখলা, উদাৰবন্দ আৰু সোণাইক নতুন মহকুমা ঘোষণা মুখ্যমন্ত্ৰীৰ। বিধানসভাৰ আগন্তুক অধিবেশনত শিলচৰৰ জিছি কলেজক পুৰ্ণ বিশ্ববিদ্যালয়ৰ মৰ্যদা প্ৰদান কৰা হ'ব বুলিও ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মায়।

"মহাবীৰ লাচিত বৰফুকনৰ অসীম বীৰত্ব আৰু ত্যাগৰ গাথাই অসমৰ জাতীয় জীৱনক সদায়েই সমৃদ্ধ কৰি আহিছে। আজি বৰাক উপত্যকাৰ শিলচৰত মহাবীৰ লাচিত বৰফুকনৰ স্মৃতিত এক সুউচ্চ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ পাই মই অতিকৈ গৌৰৱান্বিত হৈছোঁ। বৰাক উপত্যকাৰ ভিতৰত আটাইতকৈ ওখ এই প্ৰতিমূৰ্তি আহোম সেনাৰ মহান সেনাপতিগৰাকীৰ স্মৃতি সংৰক্ষণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে" বৃহস্পতিবাৰে শিলচৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে কাছাৰ জিলাৰ উন্নয়ণৰ বাবে পাঁচটা নতুন প্ৰকল্পৰ ঘোষণা কৰি এইদৰে কয়।

বৃহস্পতিবাৰে ৰাতিপুৱা শিলচৰত উপস্থিত হৈ বৰাক আৰু সোণাই নৈৰ ওপৰত নিৰ্মাণ কৰা তিনিখন পকী দলঙৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। বৰাক নৈৰ ওপৰত পয়লাপুল আৰু সোণাইক সংযোগ কৰি নিৰ্মাণ কৰা বাদ্ৰী সেতু আৰু শিলচৰ আৰু বৰখলাৰ দুধপাতিল সংযোগকাৰী ইটখলাঘাট সেতুৰ লগতে সোণাই সমষ্টিৰ সোণাই নৈৰ ওপৰত নিৰ্মাণ কৰা ডুংগৰিপাৰ পকী দলঙ খনৰ বৃহস্পতিবাৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ পিছত ৪৮ কোটি টকা ব্যয়‌ সাপেক্ষ ঘুংগুৰত ইন্টিগ্ৰেটেড ডিচি অফিচ কমপ্লেক্সৰ‌ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একেদিনাই শিলকুৰিত নতুনকৈ নিৰ্মাণ কৰিব লগা কনভেনছন চেন্টাৰ এটাৰো আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পিছত জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত নতুনকৈ নিৰ্মাণ কৰা বীৰ লাচিত বৰফুকনৰ এটা মূৰ্তিৰো বৃহস্পতিবাৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ পিছত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত‌ পঞ্চম জলজীবন সন্মিলনত অংশ লৈ মুখ্যমন্ত্ৰীয়ে জলজীৱন মিছনৰ‌ অধীনত একেলগে ৭৫ খন পানী যোগান আঁচনিৰ উদ্বোধন কৰে। তদুপৰি, অসম মালা প্ৰকল্পৰ অধীনত শিলচৰ- কালাইন পথৰ ২১ কিঃমিঃ পথক ২১০ কোটি টকীয়া চাৰিলেনযুক্ত পথলৈ উন্নীত কৰা কামৰো আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে।

এই সভাতে মুখ্যমন্ত্ৰীয়ে কাছাৰ জিলাৰ উন্নয়ণৰ‌ বাবে‌ কেবাটাও নতুন প্ৰকল্পৰ ঘোষণা কৰে।‌ মুখ্যমন্ত্ৰীয়ে ঘোষনা কৰা মতে, বৰাক নৈৰ ওপৰত শিলচৰৰ শিলঘাটত আৰু এখন নতুন পকী দলঙ নিৰ্মাণ কৰা হ'ব। তদুপৰি, শিলচৰ-আৰু দুধপাতিলক সংযোগ কৰাৰ বাবে শিলচৰৰ মধুৰাঘাটত আৰু এখন নতুন পকী দলঙ নিৰ্মাণ কৰা হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

ইফালে, ডিলিমিটেছনক লৈ‌ বৰাকৰ জনসাধাৰণ অত্যন্ত সুখী বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে বিজেপিৰ পৰা নিলম্বিত শিলচৰৰ প্ৰাক্তন বিধায়ক দিলীপ পালক পুনৰ‌ দললৈ উভতাই অনা হ'ব বুলি চৰ্চা চলি থকা বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, দিলীপ পালে বিজেপিলৈ প্ৰত্যাবৰ্তন কৰিবলৈ ইতিমধ্যে আবেদন কৰিছে।

ইয়াৰোপৰি শিলচৰ চহৰক যানজটৰ পৰা মুক্ত কৰিবলৈ তিনি খন নতুন ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে চৰকাৰে প্ৰচেষ্টা চলাইছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। ৩ কিঃমিঃ দৈৰ্ঘৰ ৰামনগৰৰ পৰা ট্ৰাংকৰোডলৈ এখন ফ্লাইঅভাৰ, ২.৩ কিঃমিঃ দৈৰ্ঘৰ কেপিটেল পইন্টৰ‌ পৰা ৰাংগিৰখাৰীলৈ আন এখন ফ্লাইঅভাৰৰ‌ লগতে তাৰাপুৰ শিববাৰী ৰোডত ১ কিঃমিঃ দৈৰ্ঘৰ এখন এলিভেটেত অভাৰব্ৰিজ নিৰ্মাণৰ বাবে ইতিমধ্যে ফিজিবিলিটী স্টাডি আৰম্ভ কৰা হৈছে বুলিও জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in