শিলচৰৰ ৰাজপথত দুৰ্বৃত্তৰ আক্ৰমণঃ আহত এজন

শিলচৰৰ ৰাজপথত দুৰ্বৃত্তৰ আক্ৰমণঃ আহত এজন

ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰৰ ধলাই ৰাজঘাটত সংঘটিত হৈছে এক মর্মান্তিক ঘটনা। পিছপিনৰ পৰা চোকা অস্ত্রৰে যুৱকৰ ওপৰত উপৰযোপুৰি আক্ৰমণ চলায় এজন যুৱকক। ঘটনাটো প্রত্যক্ষ কৰি স্থানীয় একাংশ ৰাইজে গুৰুতৰভাৱে আহত যুৱকজনক উদ্ধাৰ কৰি হাস্পতালত প্ৰেৰণ কৰাৰ লগতে আক্ৰমণকাৰীক আটক কৰি আৰক্ষীক গতাই দিয়ে ।

জানিব পৰা মতে, ধলাই ৰাজঘাট জামা মসজিদৰ সম্মুখত স্থানীয় আব্দুল খালিক নামৰ এক যুৱক খোজকাঢ়ি গৈ আছিলে । ঠিক সেইসময়ত মটৰচাইকেল লৈ অহা ৰাজঘাট প্রথম খণ্ডৰ বাসিন্দা ফয়েজ উদ্দিন লস্কৰে চোকা অস্ত্ৰৰে আব্দুল খালিকৰ ওপৰত আক্ৰমণ চলায়। এই আক্রমণত শৰীৰৰ একাধিক স্থানত চোকা অস্ত্রৰ আঘাতত অচেতন হৈ পৰে খালিকৰ ৷ খালিকৰ মৃত্যু হোৱা বুলি ভাবি এটা গাতত খালিকক পেলাই পলাই যোৱাৰ চেষ্টা কৰে আক্ৰমণকাৰী ফয়েজে। তেতিয়াই স্থানীয় একাংশ লোকে ঘটনা প্রত্যক্ষ কৰি আক্ৰমণকাৰীক আটক কৰে । আৰু উত্তম মধ্যম সোধাই স্থানীয় আৰক্ষীক গতাই দিয়ে ।

ইপিনে কি কাৰণত আব্দুল খালেকৰ ওপৰত ফয়েজ উদ্দিনে আক্ৰমণ চলায় ইয়াৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনা’ৰ ৰহস্য উদঘাটনৰ বাবে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

শিলচৰৰ ৰাজপথত দুৰ্বৃত্তৰ আক্ৰমণঃ আহত এজন
গোৱালপাৰাৰ ধূপধৰাত পথ দুৰ্ঘটনাঃ ট্ৰাকৰ খুন্দাত বাইক আৰোহী নিহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in