Advertisment

শিলচৰত স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে পাৱাৰ গ্ৰীডৰ বিশেষ পদক্ষেপ

কাছাৰ জিলাৰ স্বাস্থ্য খণ্ডত বিদ্যুৎ ব্যৱস্থা উন্নত কৰাৰ বাবে, আন্তঃগাঁথনি উন্নত কৰাৰ বাবে পাৱাৰ গ্ৰীড কৰ্প’ৰেছন অৱ ইণ্ডিয়া লিমিটেডে ইতিমধ্যে ৩.০৯ কোটি টকা মঞ্জুৰ কৰিছে।

author-image
Asomiya Pratidin
New Update
শিলচৰত স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে পাৱাৰ গ্ৰীডৰ বিশেষ পদক্ষেপ

ডিজিটেল সংবাদ শিলচৰঃ কাছাৰ জিলাৰ স্বাস্থ্য খণ্ডত বিদ্যুৎ ব্যৱস্থা উন্নত কৰাৰ বাবে পাৱাৰ গ্ৰীড কৰ্পৰেছন অৱ ইণ্ডিয়া লিমিটেডে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনৰ স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ইতিমধ্যে ৩.০৯ কোটি টকা মঞ্জুৰ কৰিছে পাৱাৰ গ্ৰীডে।

Advertisment

পাৱাৰ গ্ৰীডৰ সামাজিক দায়বদ্ধতা প্ৰকল্পৰ অধীনত কোম্পানীটোৱে কাছাৰ প্ৰশাসনক ১.৫ কোটি টকা আবণ্টন দিছে।এই মৰ্মে শুকুৰবাৰে কাছাৰ জিলা প্ৰশাসনৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰা হয়।

এই চুক্তি মতে, কাছাৰ জিলাৰ সাতটা স্বাস্থ্য কেন্দ্ৰত স্থাপন কৰিবলৈ সাতটা ৫ কিলোৱাট ডিজেল জেনেৰেটৰ (ডিজি চেট) প্ৰদান কৰা হয়। কাছাৰ জিলা প্ৰশাসনৰ হৈ জিলা উন্নয়ন আয়ুক্ত নৰ্চিং বে আৰু পাৱাৰ গ্ৰীডৰ হৈ শিলচৰৰ ডি জি এম, অনিন্দ দেৱ লস্কৰে চুক্তিত স্বাক্ষৰ কৰে।

অনুষ্ঠানত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ শিৱানন্দ ৰয়ো উপস্হিত আছিল। পাৱাৰ গ্ৰীডে প্ৰদান কৰা এই ডিজেল জেনেৰেটৰ সাতটা বিক্ৰমপুৰ প্ৰাইমেৰী হেল্থ চেণ্টাৰ, বৰখালা প্ৰাইমেৰী হেল্থ চেণ্টাৰ, উদাৰবন্দ প্ৰাইমেৰী হেল্থ চেণ্টাৰ, টো মামডা মডেল হাস্পতাল, সোণাই প্ৰাইমেৰী হেল্থ চেণ্টাৰ, ধলাই প্ৰাইমেৰী হেল্থ চেণ্টাৰ আৰু জালালপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্থাপন কৰা হৈছে।

উল্লেখ্য যে, যোৱা সোমবাৰে পাৱাৰ গ্ৰীড কৰ্প'ৰেচন আৰু শিলচৰ মেডিকেল কলেজ হাস্পাতাল কৰ্তৃপক্ষৰ মাজত আন এখন চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে শিলচৰ মেডিকেল কলেজ হাস্পতালৰ আন্ত:গাঁথনি উন্নত কৰাৰ বাবে ১.৮১ কোটি টকা মঞ্জুৰ কৰা হয়।

শিলচৰ স্বাস্থ্য