কাছাৰত আজিয়েই ৫০৫ টা ভোট কেন্দ্ৰলৈ ৰাওনা ভোট কৰ্মীৰ...

২ মে'ত অনুষ্ঠিত হ'ব লগা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে বুধবাৰে ভোটকেন্দ্ৰসমূহলৈ ৰাওনা আৰম্ভ কৰিছে কাছাৰ জিলাৰ দুটা বিধানসভা সমষ্টিত দায়িত্ব প্ৰাপ্ত ভোট কৰ্মীসকল

author-image
Tushar Pratim
New Update
কাছাৰত আজিয়েই ৫০৫ টা ভোট কেন্দ্ৰলৈ ৰাওনা ভোট কৰ্মীৰ...

ডিজিটেল সংবাদ, শিলচৰ:  অহা ২ মে'ত অনুষ্ঠিত হ'ব লগা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে বুধবাৰে ভোটকেন্দ্ৰ সমূহলৈ ৰাওনা আৰম্ভ কৰিছে কাছাৰ জিলাৰ দুটা বিধানসভা সমষ্টিত দায়িত্ব প্ৰাপ্ত ভোট কৰ্মীসকলে। কাছাৰ জিলাৰ ধলাই আৰু কাটিগৰা সমষ্টিৰ অন্তৰ্গত ভোট কেন্দ্ৰ সমূহলৈ বুধবাৰে ৰাওনা হৈছে ভোট কৰ্মীসকল।

Advertisment

শিলচৰ ৰামনগৰ স্থিত ISBT আৰু ISTT ৰ পৰা ভোট কেন্দ্ৰৰ বিভিন্ন সামগ্ৰীসমূহ লৈ নিজৰ নিজৰ ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে ভোট কৰ্মীসকল। উল্লেখ্য যে, এইবাৰ পঞ্চায়ত নিৰ্বাচনত কাছাৰ জিলাৰ ৭ টা বিধানসভা সমষ্টিৰ মুঠ ১৭০৬টা ভোট কেন্দ্ৰত ভোট গ্ৰহন অনুষ্ঠিত হ'ব। 

ইয়াৰ ভিতৰত,  ধলাই আৰু কাটিগৰা সমষ্টিৰ অন্তৰ্গত ৫০৫ টা ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে ভোট কৰ্মীসকল। বাকী থকা শিলচৰ,  উদাৰবন্দ, সোণাই সমষ্টি আৰু লক্ষীপুৰ সম জিলাৰ ভোট কেন্দ্ৰ সমূহলৈ বৃহস্পতিবাৰে ভোট কৰ্মীসকল ৰাওনা হ'ব বুলি জানিবলৈ দিছে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া মৃদুল কুমাৰ যাদৱে।

বৃহস্পতিবাৰে কাছাৰ জিলাৰ অবশিষ্ট ৮৮৫ টা আৰু লক্ষীপুৰ সম জিলাৰ ৩১৬ টা ভোট কেন্দ্ৰলৈ ৰাওনা হ'ব ভোট কৰ্মীসকল। এইবাৰৰ নিৰ্বাচনত প্ৰায় ১০ হাজাৰ কৰ্মচাৰী নিয়োগ কৰা হৈছে বুলিও সদৰী কৰে জিলা আয়ুক্তগৰাকীয়ে।

পঞ্চায়ত নিৰ্বাচন কাছাৰ