/asomiyapratidin/media/media_files/2025/04/18/VpToT0NPfOyjXo1feJmo.jpg)
ডিজিটেল সংবাদ শিলচৰ: ১৭ এপ্ৰিল, ২০২৫ বৃহস্পতিবাৰে আছিল পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটো। ইয়াৰ পিছত শুকুৰবাৰৰ পৰা কাছাৰ বিজেপিয়ে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। শুকুৰবাৰে শিলচৰৰ অতি প্ৰসিদ্ধ বৰাম বাবাৰ মন্দিৰত পূজা অৰ্চনা আগবঢ়াই পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে কাছাৰ বিজেপিয়ে। মন্ত্ৰী কৌশিক ৰাই, জিলা বিজেপিৰ সভাপতি ৰূপম সাহাসহ কাছাৰ জিলাৰ আটাইকেইগৰাকী দলীয় বিধায়ক, পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীসকল আৰু সমৰ্থকসকলক লগত লৈ বৰম বাবাৰ মন্দিৰত পূজা আগবঢ়ায় বিজেপি নেতৃত্বই।
পূজা আগবঢ়োৱাৰ পিচত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাৰ আয়োজন কৰে কাছাৰ বিজেপিয়ে। এই নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী কৌশিক ৰাই, সাংসদ পৰিমল শুক্লবৈদ্য বিধায়ক দীপায়ন চক্রবর্তী, মিহিৰ কান্তি সোম, নীহাৰ ৰঞ্জন দাস, প্ৰাক্তন বিধায়ক দিলীপ কুমাৰ পাল, কাছাৰৰ নিৰ্বাচনী প্ৰভাৰী মুন স্বৰ্ণাকায়সহ জিলাৰ সহস্ৰাধিক বিজেপি উপস্থিত থাকে।
নিৰ্বাচনৰ পূৰ্বে লক্ষীপুৰ সমষ্টিৰ দুখন জিলা পৰিষদত বিনা প্ৰতিদ্বন্দিতাই বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে জিলাখনত ৩৫ খন আঞ্চলিক পঞ্চায়ত আৰু ২৫০ খনতকৈও বেছি গাওঁসভা সদস্য জয়ী হোৱা বুলি উল্লেখ কৰে মন্ত্ৰী কৌশিক ৰায়ে।
ইফালে বিজেপিৰ ভয়ত কংগ্ৰেছ প্ৰাৰ্থীক হোটেলত আৱদ্ধ কৰি ৰখা বুলি কংগ্ৰেছে যি অভিযোগ কৰিছিল সেই অভিযোগো খণ্ডন কৰিছে মন্ত্ৰী কৌশিক ৰায়ে।