শিলচৰত ১০ হাজাৰ য়াবা টেবলেটসহ এজনক গ্ৰেপ্তাৰ...

দীৰ্ঘদিনৰ পৰা চলাই আহিছিল ব্যৱসায়

author-image
Asomiya Pratidin
New Update
শিলচৰত ১০ হাজাৰ য়াবা টেবলেটসহ এজনক গ্ৰেপ্তাৰ...

শিলচৰত ১০ হাজাৰ য়াবা টেবলেটসহ এজনক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ শিলচৰঃ শিলচৰত পুনৰ নিচাজাতীয় সামগ্ৰী জব্দ। গোপন তথ্যৰ ভিত্তিত চি আৰ পিৰ "E" Coy ইউনিট আৰু শিলচৰ আৰক্ষীয়ে মধুৰবন্দৰ দশম খণ্ডত অভিযান চলাই ১০ হাজাৰ য়াবা টেবলেট জব্দ কৰিছে।

Advertisment

মধুৰবন্দৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ছলমান মজুমদাৰৰ ঘৰত অভিযান চলাই জব্দ কৰা হয় এই নিচাজাতীয় টেবলেটখিনি। পিছত টেবলেটসহ ধৃত ছলমানক শিলচৰ সদৰ থানালৈ নি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ছলমানে মধুৰবন্দৰ তেওঁৰ ঘৰৰ পৰা ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।

Also Read: তিতাবৰত চাহ শ্ৰমিক, আটছাৰ তপন গগৈৰ বিৰুদ্ধে প্ৰতিবাদ...

ড্ৰাগছ বিৰোধী অভিযান