কাছাৰত ৯.৫ কোটিৰ নিচাযুক্ত দ্ৰব্য জব্দ : গ্ৰেপ্তাৰ ৬ সৰবৰাহকাৰী

কাছাৰত ৯.৫ কোটিৰ নিচাযুক্ত দ্ৰব্য জব্দ : গ্ৰেপ্তাৰ ৬ সৰবৰাহকাৰী

author-image
Asomiya Pratidin
New Update
কাছাৰত ৯.৫ কোটিৰ নিচাযুক্ত দ্ৰব্য জব্দ : গ্ৰেপ্তাৰ ৬ সৰবৰাহকাৰী

ডিজিটেল সংবাদ, শিলচৰ : ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে বৃহৎ সাফল্য লাভ কৰিছে। গোপন তথ্যৰ ভিত্তিত ধলাই থানাৰ অন্তৰ্গত ৰাম প্ৰসাদপুৰ আৰু লক্ষীপুৰ এলেকাৰ বাচকান্দিত দুটা পৃথক অভিযান‌ চলাই আৰক্ষীয়ে।

Advertisment

এই অভিযানত আৰক্ষীয়ে ৬ জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। তেওঁলোকৰ পৰা হেৰ'ইনভৰ্তি ১৫০ টা চাবোনৰ‌ বাকচ জব্দ কৰে।‌ আনহাতে বাকচ কেইটাৰ পৰা প্ৰায় ১.৯ কিলোগ্ৰাম সন্দেহজনক হেৰ'ইন জব্দ কৰে।

জব্দকৃত হেৰ'ইনৰ মূল্য প্ৰায় ৯.৫ কোটি টকা বুলি‌ সদৰী কৰিছে আৰক্ষীয়ে।‌ হেৰ'ইনখিনি মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ পৰা সৰবৰাহ কৰা হৈছিল ।

নিষিদ্ধ‌ হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুয়োটা স্থানৰ পৰা ৬ জন লোকক আটক কৰে। ধৃত ব্যক্তি কেইজন - লক্ষীপুৰ ফুলৰতলৰ বিন্টু সিংহ আৰু ডেনিয়েল লালৰিঘেট (২৬ )। একেদৰে ধলাই লান্টুগ্ৰামৰ ৰাজেন সিংহ ( ৪১), মণিপুৰ জিৰিবামৰ একবৰ হুছেইন (২৩ ) আৰু বৰজোহনা মাৰ(২৭)।

ইয়াৰোপৰি মণিপুৰ ফেৰজাল জিলাৰ ৰবাৰ্ট লালমাল ছানা (২৪)ক আৰক্ষীয়ে আটক কৰে। ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা এখন স্কুটী আৰু এখন মাৰুতি জিমনি গাড়ীও জব্দ কৰিছে আৰক্ষীয়ে। বৰ্তমান ধৃত লোক কেইজনক ধলাই আৰু লক্ষীপুৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Cachar Police crime Assam police