কাছাৰত ৯ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ

কাছাৰত ৯ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ

author-image
Asomiya Pratidin
New Update
কাছাৰত ৯ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ

ডিজিটেল সংবাদ,শিলচৰ : সমগ্ৰ অসমৰ লগতে কাছাৰতো ড্ৰাগছৰ বিৰুদ্ধে অৱ্যাহত আছে আৰক্ষীৰ অভিযান। ধলাই থানাৰ আৰক্ষীয়ে দেওবাৰে অভিযান চলাই কাটাখালৰ পৰা জব্দ কৰিছে বুজন পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট।

Advertisment

এখন স্কুটীৰ পৰা জব্দ কৰা হয় ৩০ হাজাৰ য়াবা টেবলেট। জব্দ কৰা টেবলেটৰ মূল্য ৯ কোটি টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে। টেবলেটখিনি বিক্ৰী কৰিবলৈ নিয়া সময়ত আৰক্ষীয়ে জব্দ কৰে।

ইয়াৰোপৰি টেবলেটৰ সৈতে এজন‌ সৰবৰাহকাৰীকো আটক কৰে। ধৃত‌ লোকজনৰ নাম আব্দুল আলিম। আব্দুল আলিমৰ ঘৰ ধলাই সপ্তগ্ৰামত।

Also Read: শুভেচ্ছাৰ বৰষুণঃ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা ৰমেন ডেকালৈ শুভেচ্ছা বাৰ্তা...

Cachar Police