কৰিমগঞ্জত নিচাজাতীয় সামগ্ৰী জব্দ

কৰিমগঞ্জত নিচাজাতীয় সামগ্ৰী জব্দ

author-image
Asomiya Pratidin
New Update
কৰিমগঞ্জত নিচাজাতীয় সামগ্ৰী জব্দ

ডিজিটেল সংবাদ,শিলচৰ : সম্প্ৰতি বৰাক উপত্যকা যেন নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ নিৰাপদ কৰিড'ৰত পৰিনত হৈছে ! চুবুৰীয়া ৰাজ্য মিজোৰাম আৰু মণিপুৰৰ‌ পৰা প্ৰায়েই বৰাকৰ মাজেৰে কোটি কোটি টকাৰ হেৰ'ইনসহ অন্যান্য নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰি আহিছে আন্তঃৰাজ্যিক ড্ৰাগছ ব্যৱসায়ীসকলে।

Advertisment

সমান্তৰালভাৱে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই কাছাৰ আৰু কৰিমগঞ্জ আৰক্ষীয়ে কোটি কোটি টকাৰ হেৰ'ইন আৰু অন্যান্য নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। যোৱা তিনিটা দিনত ড্ৰাগছৰ‌ বিৰুদ্ধে অভিযান চলাই কৰিমগঞ্জ আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিছে।

বিভিন্ন প্ৰান্তত অভিযান চলাই কোটি কোটি টকাৰ হেৰ'ইন আৰু য়াবা টেবলেট জব্দ কৰিছে আৰক্ষীয়ে। শেহতীয়াকৈ ড্ৰাগছৰ‌ বিৰুদ্ধে অভিযান চলাই ৰামকৃষ্ণ নগৰ আৰক্ষীয়ে দুই কোটি টকাৰ বৰবিহ হেৰোইন জব্দ কৰিছে। লগতে আটক কৰিছে দুজন সৰবৰাহকাৰীক।

গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ৰামকৃষ্ণ নগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লিটন নাথে এখন মাৰুতি এছপ্ৰেছো বাহনত তালাচী চলাই জব্দ কৰিছে ১৭ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ। বাকচ কেইটাৰ পৰা মুঠ ২২৫ গ্ৰাম হেৰ'ইন জব্দ কৰে।

হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আৰিফুল হক আৰু ফাৰুক আহমেদক গ্ৰেপ্তাৰ কৰে। দুয়োজনৰে ঘৰ কৰিমগঞ্জ জিলাত। লগতে হেৰ'ইন সৰবৰাহ কৰা AS 11 FC 0855 নম্বৰৰ বাহনখনো জব্দ কৰে।

হেৰ'ইনখিনি মিজোৰাম পৰা কৰিমগঞ্জলৈ সৰবৰাহৰ সময়ত জব্দ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বৰ্তমান ধৃত‌ লোক দুজনক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Also Read: গ্ৰাহকক প্ৰবঞ্চনাৰে লুণ্ঠন কৰা যোগানন্দ বৰগোঁহাই আৰক্ষীৰ জালত

Assam police