বৰাকৰ থলুৱা মুছলমানসকলক খিলঞ্জীয়াৰ স্বীকৃতি প্ৰদানৰ দাবী

বৰাকৰ থলুৱা মুছলমানসকলক খিলঞ্জীয়াৰ স্বীকৃতি প্ৰদানৰ দাবী

ডিজিটেল সংবাদ শিলচৰ: বৰাক উপত্যকাত যুগযুগ ধৰি বসবাস কৰা মুছলমানসকলক খিলঞ্জীয়াৰ স্বীকৃতি প্ৰদানৰ‌ দাবী পুনৰ উত্থাপন কৰিছে বৰাকৰ খিলঞ্জীয়া মুছলমানসকলে। লগতে বৰাকত বসবাস কৰা মণিপুৰী মুছলিম (পাংগাল ) সকলৰ বাবে পৃথক অটোনোমাছ কাউন্সিল গঠনৰো দাবী উত্থাপন কৰা হৈছে।

বুধবাৰে কাছাৰৰ বাচঁকান্দিত আয়োজিত মণিপুৰী মুছলিম উন্নয়ণ সংস্হা, অসমৰ এক সভাত এই দাবী উত্থাপন কৰে বিভিন্ন মুছলিম সংগঠনৰ নেতৃত্বতই। দুদিনীয়া বৰাক ভ্ৰমণৰ বাবে মঙলবাৰে শিলচৰত উপস্হিত হোৱা অসম হজ কমিটীৰ অধ্যক্ষ নেকিবুৰ জামান, অসম ৰাজ্যিক সংখ্যালঘু আয়োগৰ অধ্যক্ষ তথা সোণাইৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰসহ কেবাটাও মুছলিম সংগঠনৰ নেতৃবৰ্গই এই সভাত অংশগ্ৰহন কৰে। বৰাকত যুগযুগ ধৰি বসবাস কৰা খিলঞ্জীয়া মুছলমান সকলক খিলঞ্জীয়াৰ স্বীকৃতি প্ৰদান নকৰাত তেওঁলোক বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হ'ব লগাত পৰিছে বুলি সভাত বিভিন্ন বক্তাই উল্লেখ কৰে।

বৰাকৰ মুছলিমসকলক খিলঞ্জীয়াৰ স্বীকৃতি প্ৰদান কৰিবলৈ ইয়াৰ পূৰ্বেও ৰাজ্য চৰকাৰক একাধিকবাৰ লিখিতভাৱে দাবী জনোৱা হৈছিল বুলি উল্লেখ কৰে আমিনুল হক লস্কৰে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৫টা মুছলিম সম্প্ৰদায়ক খিলঞ্জীয়াৰ স্বীকৃতি প্ৰদান কৰাৰ‌ দৰে বৰাকৰ মুছলিমসকলক খিলঞ্জীয়াৰ স্বীকৃতি প্ৰদান কৰিবলৈ তেওঁ চৰকাৰৰ ওচৰত দাবী জনায়। এই ক্ষেত্ৰত আমিনুল হকসহ উপস্হিত লোকসকলে নেকিবুৰ জামানৰ সাহায্য কামনা কৰে। মুখ্যমন্ত্ৰীৰ‌ লগত বিষয়টো আলোচনা কৰিবলৈ তেওঁলোকে নেকিবুৰ জামানক বৰাকৰ মুছলিমসকলৰ জনগাঠনি তথ্যসম্বলিত এখন স্মাৰকও প্ৰদান কৰে।

ইফালে, বৰাকৰ মুছলিম সকলক খিলঞ্জীয়াৰ স্বীকৃতি প্ৰদানৰ দাবী ন্যায্য বুলি মন্তব্য কৰে নেকিবুৰ জামানে। বৰাকৰ কাছাৰী, পাংগাল আৰু মায়মাল আদি খিলঞ্জীয়া মুছলমানসকলে বিভিন্ন দিশত শোষিত, নিস্পেষিত আৰু লাঞ্ছিত বুলি উল্লেখ কৰি নেকিবুৰ জামানে শীঘ্ৰেই বৰাকৰ মুছলিম নেতাসকলক লৈ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত বহিব বুলি সদৰি কৰে।

বৰাকৰ থলুৱা মুছলমানসকলক খিলঞ্জীয়াৰ স্বীকৃতি প্ৰদানৰ দাবী
পঞ্চম দিনৰ আৰম্ভণীতে স্বৰ্ণ পদক জয় ভাৰতৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in