অন্তঃসত্বা কিশোৰীক বিহ পান কৰোৱাই হত্যা কৰিলে প্ৰেমিকে!

কাছাৰৰ কাটিগড়াৰ গড়েৰভিতৰ গাঁৱত অঘটন। অন্তঃসত্ত্বা কিশোৰীক বিহ পান কৰোৱাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে প্রেমিকৰ বিৰুদ্ধে।

author-image
Asomiya Pratidin
New Update
অন্তঃসত্বা কিশোৰীক বিহ পান কৰোৱাই হত্যা কৰিলে প্ৰেমিকে!

ডিজিটেল ডেস্কঃ কাছাৰৰ কাটিগড়াৰ গড়েৰভিতৰ গাঁৱত অঘটন। অন্তঃসত্বা কিশোৰীক বিহ পান কৰোৱাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে প্রেমিকৰ বিৰুদ্ধে।

Advertisment

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে । মৃতগৰাকীৰ পৰিয়ালৰ অভিযোগ, ১৭ বছৰীয়া কিশোৰীগৰাকীয়ে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছিল বৰখলা বিক্ৰমপুৰ চাহ বাগিচাৰ আদিত্য কৰ্মকাৰৰ লগত। কিশোৰাগৰাকীক বিয়াৰ প্ৰলোভন দি যুৱকজনে শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিছিল আৰু কিশোৰীগৰাকী অন্তঃসত্বা হৈছিল । কিন্তু তাৰ পাছত অভিযুক্ত প্ৰেমিক আদিত্য কৰ্মকাৰে বিয়া কৰিবলৈ অস্বীকাৰ কৰিছিল কিশোৰীগৰাকীক ।

অন্তসত্বা হোৱাৰ পাছতে সোমবাৰে সন্ধিয়া কিশোৰীগৰাকীক প্ৰেমিকে মাতি নি বিহ পান কৰোৱাই বুলি অভিযোগ তুলিছে পৰিয়ালৰলোকে। প্ৰেমিকৰ কৱলৰ পৰা পলাই আহি কিশোৰী গৰাকীয়ে সমগ্ৰ ঘটনা মাতৃক জনাইছিল আৰু মাতৃয়ে হাস্পাতাললৈ নিয়াৰ পূৰ্বে মৃত্যু হৈছিল কিশোৰীগৰাকীৰ।

মৃত নাবালিকাৰ পৰিয়ালৰ অভিযোগ, কিশোৰীগৰাকী অন্তঃসত্বা হোৱাৰ ঘটনা ঘাপ দিয়াৰ বাবেই প্ৰেমিক আদিত্য কৰ্মকাৰে বিহ পান কৰাই হত্যা কৰিছে । ঘটনা সন্দৰ্ভত মৃতৰ পৰিয়ালে বিহাড়া আৰক্ষী চকীত প্ৰেমিকৰ বিৰুদ্ধে ৰুজু কৰিছে এক গোচৰ।

ইপিনে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে। লগতে সমগ্ৰ ঘটনা লৈ আৰক্ষীয়ে তদন্ত চলাই গৈছে যদিও পলাতক হৈ আছে অভিযুক্ত প্ৰেমিক আদিত্য কৰ্মকাৰ ।

Also Read: সুৰা কেলেংকাৰী! আপৰ সাংসদৰ বাসগৃহত ইডিৰ অভিযান

Assam police