৩৬ ঘন্টাৰ ভিতৰতে উদ্ধাৰ কাছাৰৰ শিল কোৱেৰীৰ পৰা অপহৃত ৩ চালক

৩৬ ঘন্টাৰ ভিতৰতে উদ্ধাৰ কাছাৰৰ শিল কোৱেৰীৰ পৰা অপহৃত ৩ চালক

author-image
Asomiya Pratidin
New Update
৩৬ ঘন্টাৰ ভিতৰতে উদ্ধাৰ কাছাৰৰ শিল কোৱেৰীৰ পৰা অপহৃত ৩ চালক

ডিজিটেল সংবাদ শিলচৰ: অৱশেষত ৩৬ ঘন্টাৰ ভিতৰত আৰক্ষীয়ে অক্ষত অৱস্থাত উদ্ধাৰ কৰিলে কাছাৰৰ জয়পুৰ শিল কোৱেৰীৰ পৰা শনিবাৰে অপহৃত হোৱা ৩ চালকক। সোমবাৰে পুৱতি নিশা ৩ বজাত ডিমা হাছাও জিলাৰ মাহুৰ থানাৰ অন্তৰ্গত ডাইবুনছৰাৰ লোধিকুকি পুঞ্জীৰ পৰা উদ্ধাৰ কৰা হয় চালক ৩জনক।

Advertisment

মণিপুৰৰ উগ্ৰপন্থী সংগঠন জেলিয়াঙৰং ইউনাইটেড ফ্ৰন্ট চমুকৈ "জেড ইউএফ" নামৰ সংগঠনটোৱে চালক ৩জনক অপহৰণ কৰিছিল। সোমবাৰে শিলচৰত আয়োজিত এক সংবাদ মেলত এই তথ্য সদৰি কৰিছে ৰাজ্যৰ আইন শৃংখলাৰ‌ দায়িত্বত থকা আই জি প্ৰশান্ত কুমাৰ ভূঞাই।

কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাক লগত লৈ সংবাদ মেল সম্বোধন কৰি প্ৰশান্ত কুমাৰ ভূঞাই কয় যে, জয়পুৰ শিল কোৱেৰীৰ শিল ব্যৱসায়ী উদাৰবন্দৰ শংকৰ ৰয়ৰ পৰা মোটা অংকৰ ধন আদায় কৰাৰ উদ্দেশ্যেই তেওঁৰ টিপাৰ আৰু এস্কেভেটৰৰ চালক ৩জনক অপহৰণ কৰিছিল মণিপুৰৰ উগ্ৰপন্থী সংগঠনটোৱে। পিছত কাছাৰ আৰু ডিমা হাছাও জিলাৰ আৰক্ষীৰ যুটীয়া অভিযানত সেও মানি চালক ৩জনক মাহুৰ এলেকাৰ জংঘলত মুকলি কৰি দিবলৈ বাধ্য হয় অপহৰণকাৰী জেড ইউ এফে।

ইফালে, ধনৰ বাবে চালক কেইজনক অপহৰণ কৰা বুলি আৰক্ষীয়ে দাবী কৰিলেও শিল ব্যৱসায়ী শংকৰ ৰয়ে ধন দাবী কৰা বিষয়টো অস্বীকাৰ কৰা বুলিও সদৰি কৰিছে আৰক্ষী বিষয়াজনে।

আনহাতে, অপহৰণ কৰি চালক ৩জনক কেবা কিলোমিটাৰ জংঘলৰ ভিতৰলৈ খোজ কঢ়াই নিয়া বুলি সদৰী কৰিছে মুক্তি লাভ কৰা চালক ৰাজু তাঁতী, অমিত ওৰাং আৰু বিশ্ব ধৰে। সঘনাই সলনি কৰা হৈছিল তেওঁ লোকৰ স্থান। খাদ্য ও যোগান ধৰা হৈছিল । অবশ্য, অপহৰণকাৰীয়ে চালক কেইজনক মাৰধৰ কৰা নাইবা কোনো ধৰণৰ শাস্তি প্ৰদান নাই কৰা বুলিও সদৰি কৰে চালক ৩জনে।

rescued