অৱশেষত চাকৰিৰ পৰা নিলম্বিত হ'ল কাছাৰ কলেজৰ অধ্যক্ষ

অৱশেষত চাকৰিৰ পৰা নিলম্বন কৰা হ'ল কাছাৰ কলেজৰ অধ্যক্ষ ডা সিদ্ধাৰ্থ শঙ্কৰ নাথক।

author-image
Asomiya Pratidin
New Update
অৱশেষত চাকৰিৰ পৰা নিলম্বিত হ'ল কাছাৰ কলেজৰ অধ্যক্ষ

ডিজিটেল সংবাদ, শিলচৰঃ অৱশেষত চাকৰিৰ পৰা নিলম্বন কৰা হ'ল কাছাৰ কলেজৰ অধ্যক্ষ ডা সিদ্ধাৰ্থ শঙ্কৰ নাথক। বুধবাৰে অধ্যক্ষ নাথক নিলম্বন কৰে উচ্চ শিক্ষা বিভাগৰ সঞ্চালক পমি বৰুৱাই।

Advertisment

যোৱা ১৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত উচ্চতৰ মাধ্যমিকৰ পদাৰ্থ বিজ্ঞানৰ পৰীক্ষাত নিজৰ ভতিজাক আৰু এগৰাকী পৰীক্ষাৰ্থীক চিকৰূমত বহাৰ ব্যৱস্থা কৰি দি অধ্যক্ষগৰাকীয়ে নকল যোগান ধৰিছিল। খবৰ পাই দণ্ডাধীশে হাতেলোটে ধৰা পেলায় অধ্যক্ষ সিদ্ধাৰ্থ শঙ্কৰ নাথক।

অধ্যক্ষ সিদ্ধাৰ্থ শঙ্কৰ নাথে নকল যোগান ধৰা বুলি পৰীক্ষাৰ্থী দুগৰাকীয়ে লিখিত ভাৱে দণ্ডাধীশক স্বীকাৰোক্তি দিছিল। লগে লগে বাজেয়াপ্ত কৰা হৈছিল নকল সহ অন্যান্য সামগ্ৰী। পিছত কাছাৰ প্ৰশাসন আৰু শিক্ষা বিভাগে এই ঘটনাৰ প্ৰতিবেদন দাখিল কৰিছিল উচ্চ শিক্ষা বিভাগৰ সঞ্চালকক। ইয়াৰ পৰিপ্ৰেক্ষিতে অধ্যক্ষ ড' সিদ্ধাৰ্থ শঙ্কৰ নাথক বুধবাৰে চাকৰিৰ পৰা নিলম্বন কৰে উচ্চ শিক্ষা বিভাগৰ সঞ্চালক পমি বৰুৱাই।

Also Read: গুৱাহাটী লোকসভা সমষ্টিত 'আপ'ৰ নিৰ্বাচনী ৰণডংকা

kachar college Silchar suspended