কাছাৰত নাই জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণঃ মেলেৰিয়া, ডেংগুৰ আছে প্ৰভাৱ

'জে ই' নাই যদিও ১৪ গৰাকী ডেংগুআৰু ২৪ গৰাকী মেলেৰিয়াত আক্ৰান্ত হৈছে

author-image
Asomiya Pratidin
New Update
কাছাৰত নাই জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণঃ মেলেৰিয়া, ডেংগুৰ আছে প্ৰভাৱ

কাছাৰত নাই জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণঃ মেলেৰিয়া, ডেংগুৰ আছে প্ৰভাৱ

ডিজিটেল সংবাদ শিলচৰ: কাছাৰ জিলাত চলিত বছৰত ১৪ গৰাকী লোক ডেংগুত আক্ৰান্ত‌ হোৱাৰ বিপৰীতে ২৪ গৰাকী লোক মেলেৰিয়াত আক্ৰান্ত হৈছে। বেংগালুৰু, হায়দাৰবাদ আৰু ৰাজস্থানৰ পৰা অহা ৬ জন লোকৰ দেহত ডেংগুৰ সংক্ৰমণ ধৰা পৰিছে।

Advertisment

আনহাতে, মেলেৰিয়াত আক্ৰান্ত ২৪ জন‌ লোকৰ ২১ জনেই বহি:ৰাজ্যৰ সৈতে সংস্পৰ্শত থকা লোক। চুবুৰীয়া ৰাজ্য মিজোৰামত বিভিন্ন‌ কামত জড়িত এই ২১ জনৰ শৰীৰত ধৰা পৰিছে মেলেৰিয়া।

বৰ্তমান ডেংগু আৰু মেলেৰিয়াত আক্ৰান্ত এইসকল ৰোগীক চিকিৎসা কৰি সুস্থ কৰি তোলা হৈছে বুলি সদৰী কৰিছে স্বাস্হ্য বিভাগে।‌ চিকিৎসাৰ পিচত আটাইকে ঘৰলৈ‌ যাব দিয়া হৈছে।

ইয়াৰ দুজন মেলেৰিয়া ৰোগীয়ে ঘৰতে ঔষধ সেৱন কৰি আছে। বৰ্তমান কোনো ৰোগী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা নাই। কাছাৰ জিলাত ডেংগু আৰু মেলেৰিয়াত ক্ৰমে ১৪ গৰাকী আৰু ২৪ ৰোগী আক্ৰান্ত হলেও জিলাখনত জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত‌ এজনো‌ লোক ধৰা পৰা নাই বুলি সদৰী কৰিছে জিলা স্বাস্হ্য বিভাগে।‌

অৱশ্যে জাপানীজ এনেকেফেলাইটিছৰ সন্দেহত ৩১ গৰাকী লোকক পৰীক্ষা কৰা হৈছিল। এই আটাইৰে ৰিপ'ৰ্ট নিগেটিভ পোৱা গৈছে।

Also Read: বেবেজীয়াৰ জামুগুৰিত পুখুৰীত পৰি যুৱকৰ সলিল সমাধি...

জাপানীজ এনকেফেলাইটিছ