বেবেজীয়াৰ জামুগুৰিত পুখুৰীত পৰি যুৱকৰ সলিল সমাধি...

হাঁহ আনিবলৈ গৈ এই অঘটন

author-image
Asomiya Pratidin
New Update
বেবেজীয়াৰ জামুগুৰিত পুখুৰীত পৰি যুৱকৰ সলিল সমাধি...

বেবেজীয়াৰ জামুগুৰিত পুখুৰীত পৰি যুৱকৰ সলিল সমাধি...

ডিজিটেল সংবাদ বেবেজীয়া: নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত পূব জামুগুৰি গাঁৱৰ বিলৰমূৰৰ নিবাসী দ্বীপ ডেকা (৩৭) বুধবাৰে সন্ধিয়া ঘৰৰ সমীপৰ পুখুৰীৰ পৰা পোহনীয়া হাঁহ ঘূৰাই আনিবলৈ গৈ ভৰা পুখুৰীত পৰি সলিল সমাধি ঘটে।

Advertisment

সন্ধিয়াৰ ভাগত গাঁৱৰ ৰাইজৰ তৎপৰতাত মৃদদেহ উদ্বাৰ কৰা হয় আৰু আজি দিনৰ ভাগত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয়। ইয়াৰ পিছতে পৰৱৰ্তী সময়ত বিয়লি তেওঁৰ অন্ত্যোষ্টিক্ৰিয়া সমাপন কৰা হয় ।

পেছাত ৰাজমিস্ত্ৰী দ্বীপ ডেকাই মৃত্যুৰ সময়ত পত্নী, এজন পুত্ৰ, এগৰাকী কন্যা, পিতৃ-মাতৃ আৰু ইষ্ট কুটুম্বক এৰি থৈ গৈছে। যুৱক গৰাকীৰ মৃত্যুৱে গা‍ঁওখনত শোকৰ ছাঁ পৰা দেখা গৈছে ।

Also Read: কামপুৰ বানপীড়িত ৰাইজৰ কাষত মহাবীৰ লাচিত সেনা অসম...

জামুগুৰি বেবেজীয়া