বেংকত সুৰক্ষিত নহয় ধন ! কৰিমগঞ্জত গ্ৰাহকৰ পৰা লুটিলে ৩২.৮০ লাখ টকা...

বেংকত সুৰক্ষিত নহয় ধন ! কৰিমগঞ্জত গ্ৰাহকৰ পৰা লুটিলে ৩২.৮০ লাখ টকা...

author-image
Asomiya Pratidin
New Update
বেংকত সুৰক্ষিত নহয় ধন ! কৰিমগঞ্জত গ্ৰাহকৰ পৰা লুটিলে ৩২.৮০ লাখ টকা...

বেংকত সুৰক্ষিত নহয় ধন ! কৰিমগঞ্জত গ্ৰাহকৰ পৰা লুটিলে ৩২.৮০ লাখ টকা...

ডিজিটেল ডেস্কঃ সুৰক্ষিত নহয় বেংকৰ জমা ধনো। কৰ্মচাৰীৰ ৰূপত থকা একাংশ ডকাইতে গ্ৰাহকৰ ধন লুট-পাত আৰম্ভ কৰিছে। আৰক্ষী, প্ৰশাসনৰ নৰমস্থিতি তথা বেংক কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এনে এচাম ডকাইতৰূপী কৰ্মচাৰীয়ে ৰাজ্যত সঘনে সংঘটিত কৰিবলৈ ধৰিছে এনে ঘটনা।

Advertisment

ইয়াৰে যেন শেহতীয়া উদাহৰণ কৰিমগঞ্জৰ ইণ্ডাছাইণ্ড বেংক। এই বেংকটোত সংঘটিত হৈছে কেইবা লাখ টকাৰ এক জালিয়াতি। এজন গ্ৰাহকৰ একাউণ্টৰ পৰা হৰলুকি হৈছে প্ৰায় ৩২.৮০ লাখ টকা।

অভিযোগ অনুসৰি বেংকটোৰ গ্ৰাহক আব্দুল মালিকে এই বেংকটোৰ একাউণ্টত জমা কৰি ৰখা ৩২.৮০ লাখ টকা হৰলুকি হৈছে। এই কাণ্ডত জড়িত হৈ আছে বেংকটোৰ কৰ্মচাৰী।

এই সন্দৰ্ভত তেওঁ কৰিমগঞ্জ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত কাকো আটক অথবা গ্ৰেপ্তাৰ কৰা নাই।

Also Read: পশ্চিমবংগত ভোটগ্ৰহণৰ সমানে সমানে চলিছে গুলী, বাৰুদৰ আক্ৰমণ, প্ৰত্যাক্ৰমণ...

কৰিমগঞ্জ