ডিজিটেল সংবাদ শিলচৰ : ভাৰতৰ পৰা বাংলাদেশলৈ চোৰাং সামগ্ৰী সৰবৰাহৰ বাবে নিতৌ ন ন কৌশল অৱলম্বন কৰি আহিছে আন্ত: ৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীয়ে। এইবাৰ যাত্ৰীবাহী বাছেৰে ভাৰতৰ পৰা বাংলাদেশলৈ চোৰাং সামগ্ৰী সৰবৰাহৰ কৌশল ৰচনা কৰিছিল চোৰাং ব্যৱসায়ীয়ে।
কিন্তু ভাৰত- বাংলা সীমান্তত অতন্দ্ৰ প্ৰহৰীৰ দায়িত্বত থকা সীমান্ত সুৰক্ষা বাহিনী ( বিএছ এফ) ৰ হাতত ধৰা পৰে এইদৰে সৰবৰাহ কৰা লাখ লাখ টকাৰ চোৰাং সামগ্ৰী। পশ্চিম জয়ন্তীয়া পাহাৰৰ ডাউকি সীমান্তত বিএছ এফ, আৰক্ষী, শুল্ক বিভাগ আৰু 'এলপিএআই' য়ে শ্বিলং-ঢাকা মৈত্ৰী বাছত যুটীয়া অভিযান চলাই এই চোৰাং সামগ্ৰীসমূহ জব্দ কৰে।
লগতে চোৰাং সামগ্ৰী সৰবৰাহৰ অভিযোগত তিনিজন বাংলাদেশী বাছৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হয়। বিএছ এফৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, গোপন তথ্যৰ ভিত্তিত শ্বিলঙৰ পৰা ঢাকা অভিমুখী মৈত্ৰী বাছত তালাচী চলোৱা হৈছিল । তালাচীৰ সময়ত বাছখনৰ গোপন চেম্বাৰত লুকুৱাই নিয়া বুজণ পৰিমাণৰ ৰূপ, কাপোৰ (শাৰী), মোবাইল ফোন, হেডফোন, মোবাইল ফোনৰ আনুষংগিক সামগ্ৰীকে ধৰি যথেষ্ট পৰিমাণৰ ইলেক্ট্ৰনিক সামগ্ৰী জব্দ কৰে।
বাছখনৰ চালকসহ কৰ্মচাৰীক সোধা-পোছাৰ পিছত তেওঁলোকে এই সামগ্ৰীসমূহৰ কোনো বৈধ নথি-পত্ৰ দাখিল কৰিব নোৱাৰিলে। সম্পূৰ্ণ অবৈধভাৱে এই সামগ্ৰী সমূহ ভাৰতৰ পৰা বাংলাদেশলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল।
জব্দ কৰা সামগ্ৰীসমূহৰ মূল্য ৪৮ লাখতকৈ অধিক হ'ব বুলি সদৰী কৰে বিএছ এফৰ সূত্ৰটোৱে। জব্দ কৰা সামগ্ৰী আৰু আটকাধীন বাংলাদেশী নাগৰিক কেইজনক অধিক তদন্ত আৰু আইনী ব্যৱস্থাৰ বাবে ডাউকিস্থিত শুল্ক বিভাগৰ কাৰ্যালয়ত গতাই দিয়ে বিএছ এফে।