মণিপুৰত আটক উগ্ৰপন্থী : মাৰণাস্ত্ৰসহ বুজন পৰিমাণৰ বিস্ফোৰক জব্দ

মণিপুৰত আটক উগ্ৰপন্থী : মাৰণাস্ত্ৰসহ বুজন পৰিমাণৰ বিস্ফোৰক জব্দ

author-image
Asomiya Pratidin
New Update
বনৰীয়া হাতীৰ গচকত মৃত্যু শিশুৰ

ডিজিটেল সংবাদ, শিলচৰ : অশান্তজৰ্জৰ মণিপুৰত নিষিদ্ধ সশস্ত্ৰ উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰে নিৰাপত্তা বাহিনীয়ে। লগতে নিষিদ্ধ সংগঠনৰ তিনিজন উগ্ৰপন্থীকো গ্ৰেপ্তাৰ কৰে ।

Advertisment

উল্লেখ্য যে নিয়াৰ নিৰ্দেশত কাংপোকপি জিলাৰ নিউ কেইথেলমানবি থানাৰ অন্তৰ্গত এল হেংজোল গাঁৱত চলিছিল‌ উগ্ৰপন্থী বিৰোধী অভিযান। অভিযানৰ সময়ত সশস্ত্ৰ উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ মাজত গুলী চালনাৰ ঘটনাও সংঘটিত হয়।

এই ঘটনাত নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ তিনিজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হয় । ধৃত উগ্ৰপন্থী কেইজন থাংজোৱেল হাওকিপ ওৰফে থাংবয়, জাংজৌলেন খংছাই ওৰফে গৌলেন আৰু জাংমিনলুন চিংছন ওৰফে ফ্ৰেংকিক বুলি সদৰী কৰিছে আৰক্ষীয়ে।‌

উগ্ৰপন্থী কেইজন শেহতীয়া আৰু অতীতৰ বিভিন্ন অপৰাধমূলক ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহ কৰিছে নিৰাপত্তা বাহিনীয়ে।‌ এই অভিযানত দুটা AK ৰাইফল, এটা MA1MK-3 ৰাইফল, এটা SBBL আৰু বিভিন্ন ধৰণৰ ১,৩৮২ ৰাউণ্ড সংক্ৰিয় গুলী উদ্ধাৰ কৰা হয়। পিচত ধৃত ব্যক্তি আৰু জব্দ কৰা অস্ত্ৰ-শস্ত্ৰ তথা গুলী-বাৰুদসমূহ প্ৰয়োজনীয় আইনী ব্যৱস্থাৰ বাবে নিয়াক গতাই দিয়া হয়।

Also Read: দুদিন ধৰি নিৰুদ্দেশ কদমনি গাঁৱৰ ই-ৰিক্সা চালক নজৰুল ইছলাম

manipur