কাছাৰ আৰক্ষীৰ বিশেষ সাফল্যঃ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ

কাছাৰ আৰক্ষীৰ বিশেষ সাফল্যঃ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ

author-image
Asomiya Pratidin
New Update
কাছাৰ আৰক্ষীৰ বিশেষ সাফল্যঃ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ

ডিজিটেল সংবাদ,শিলচৰ: পূজাৰ প্ৰাক ক্ষণত‌ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বিশেষ সাফল্য। ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। গোপন তথ্যৰ ভিত্তিত জিলাখনৰ শিলচৰ থানাৰ অন্তৰ্গত কনকপুৰ দ্বিতীয় খণ্ড আৰু সোণাইৰ ৰামনগৰত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী খিনি।

Advertisment

কনকপুৰত অভিযান চলাই আৰক্ষীয়ে হেৰ'ইন ভৰ্তি ৪৪ টা চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা মুঠ ৫৭২ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়।‌ আনহাতে, সোণাই ৰামনগৰত চলোৱা অভিযানত ১০,০০০( দহ হাজাৰ) য়াবা টেবলেট জব্দ কৰা হয়। টেবলেট সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আখতাৰ হুছেইন বৰভূঞা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

জব্দ কৰা হেৰ'ইন আৰু টেবলেট খিনি চুবুৰীয়া মিজোৰামৰ পৰা সৰবৰাহ কৰি কাছাৰৰ মাজেৰে বহি ৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল।‌ জব্দ কৰা এই নিচা জাতীয় সামগ্ৰী খিনিৰ মূল্য প্ৰা‌য় ৭ কোটি টকা বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই।

cachar