/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b08e073d-8096-4936-9df5-16d26784182b/1460db70_de9a_4d9f_91a4_b597c1c5db50.jpg)
ডিজিটেল সংবাদ,শিলচৰ: চুবুৰীয়া ৰাজ্য মিজোৰামত দুটা পৃথক অভিযানত বুজন পৰিমাণৰ হেৰ'ইন আৰু নিচাজাতীয় টেবলেট জব্দ কৰিছে আৰক্ষীয়ে। চাম্পাই জিলাৰ খানকাউন আৰক্ষীয়ে চালবয়িয়াত নাকা চেকিং চলাই এখন বাহনৰ গোপন চেম্বাৰৰ পৰা ৯৯ টা হেৰ'ইনভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।
বাকচকেইটাৰ পৰা মুঠ ১.১১০ কেজি হেৰ'ইন জব্দ কৰে। জব্দ কৰা হেৰ'ইনৰ মূল্য ৩৩ লাখ ৩০ হাজাৰ টকা হ’ব বুলি জানিবলৈ দিয়ে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে হেৰ'ইনখিনি চাম্পাইৰ পৰা আইজললৈ নিয়াৰ সময়ত জব্দ কৰা হয়। নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে চাম্পাইৰ পৌমুৱানছাংগা(২২) নামৰ চালকজনক গ্ৰেপ্তাৰ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b0061b22-331e-4163-a065-76679c454f32/cdd2a06f-accd-4f6d-8533-21503b0f4402.jpg)
ইফালে জোখোৱাথাৰ আৰক্ষী আৰু ৪২ নং অসম ৰাইফলছে থাংখুপকাই এলেকাত যুটীয়া অভিযান চলাই মুঠ ৩.১০৫ কিলোগ্ৰাম ক্ৰিষ্টাল মেথামফেটামাইন নিচাজাতীয় সামগ্ৰী জব্দ কৰে। জব্দ কৰা মেথামফেটামাইন খিনিৰ মুল্য প্ৰায় ৯.১ কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে।