/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-31/e2kicqyr/AP FOR WEB arms.jpg)
ডিজিটেল সংবাদ, শিলচৰ : অশান্তজৰ্জৰ মণিপুৰত সন্ত্ৰাসবাদী আৰু অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। এই সময়ছোৱাতে পূৱ ইম্ফল জিলাৰ পৰা নিষিদ্ধ সংগঠন কে ৱাই কে এল ৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰাৰ লগতে বিষ্ণুপুৰ ,কাংপকপি আৰু পূৱ ইম্ফল জিলাৰ পৰা বুজণ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে।
পূৱ ইম্ফল জিলাৰ লামফেলৰ পৰা গ্ৰেপ্তাৰ কৰা নিষিদ্ধ সংগঠনটোৰ সদস্যজনৰ নাম লাইশোম সুন্দৰ সিং (৩৮)। জানিব পৰা মতে তেওঁ ধন দাবীৰ কামত জড়িত আছিল। ধৃত সদস্যজনৰ পৰা নিৰাপত্তা বাহিনীয়ে দুটা মোবাইল ফোন, নগদ ৩৬,৩২ টকা আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰে।
ইফালে, বিষ্ণুপুৰ জিলাসহ অন্যান্য স্থানত অভিযান চলাই মেগজিনসহ এটা এছ এল আৰ, এটা পইন্ট থ্ৰি জিৰো থ্ৰি ৰাইফল, সাতটা গ্ৰেনেড, দুটা টিউব লঞ্চাৰ, এটা চি্গল ব'ৰৰ গান, ছয়টা পম্পিৰ, ১৫টা সজীৱ গুলিসহ বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।
Also Read: ‘বীজ গাঁও’ চাওদাং পথাৰৰ ধানখেতি দেখি অভিভূত নৰৱেৰ কৃষি বিজ্ঞানী