১৫ দিন ধৰি আত্মগোপন : কাছাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল‌ লম্পট মিণ্টু দাস

১৫ দিন ধৰি আত্মগোপন : কাছাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল‌ লম্পট মিণ্টু দাস

author-image
Asomiya Pratidin
New Update
১৫ দিন ধৰি আত্মগোপন : কাছাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল‌ লম্পট মিণ্টু দাস

ডিজিটেল সংবাদ, শিলচৰ : অৱশেষত ১৫ দিন পাছত কাছাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল‌ ধৰ্ষণ কাণ্ডৰে অভিযুক্ত তথা পলাতক আচামী।‌ বজৰং দল, ধলাই থানা আৰু সোণাই থানাৰ যুটীয়া অভিযানত সোণাইৰ গোবিন্দপুৰৰ এটা ঘৰত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত মিন্টু দাসক।

Advertisment

ইফালে, অভিযুক্ত দাসক এনকাউন্টাৰ কৰি নিহত কৰাৰ বাবে কাছাৰ আৰক্ষীক দাবী জনাইছে বজৰং দলে। উল্লেখ্য যে ধৰ্ষণৰ এই ঘটনা সংঘটিত হৈছিল যোৱা ১৩ জুলাইত ধলাই থানাৰ গজলঘাট গাঁৱত।

ৰায় উপাধিৰ এগৰাকী যুবতীৰ ঘৰত প্ৰৱেশ কৰি বলপূৰ্বকভাৱে ধৰ্ষণ কৰিছিল মিন্টু দাস নামৰ এইজন বিবাহিত যুৱকে। ধৰ্ষণ কৰাৰ পিচত মাৰধৰ‌ কৰি ৰক্তাক্ত অৱস্থাত ঘৰটোত এৰি পলায়ন কৰিছিল পাষণ্ড মিন্টু দাসে।

এই ঘটনাৰ পিচতে নিৰ্যাতিতা যুৱতীৰ পৰিয়ালে বিষয়টো স্থানীয় বজৰং দলক অৱগত কৰে।‌ বজৰং দলৰ সহযোগত নিৰ্যাতিতা যুৱতীগৰাকীক ধলাই থানালৈ নি ধৰ্ষণকাৰী মিন্টু দাসৰ বিৰুদ্ধে এটি গোচৰ ৰুজু কৰে‌ পৰিয়ালে।

গোচৰ ৰুজু হোৱাৰ পিছত আৰক্ষীয়ে ঘটনাৰ‌ তদন্ত আৰম্ভ কৰে যদিও পলাতক মিন্টু দাসে সঘনাই স্নান সলনি কৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল। অৱশেষত , বুধবাৰে ধলাই থানাৰ অ’চি মনোজ বৰুৱা, সোণাই আৰক্ষী আৰু বজৰং দলৰ অভিযানত সোণাই গোবিন্দপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ধৰ্ষণকাৰী মিন্টু দাসক। গ্ৰেপ্তাৰৰ পিচত ধৰ্ষণকাৰী মিন্টু দাসক এনকাউন্টাৰ কৰাৰ দাবী জনাই বজৰং দলে।

Also Read: সোণাৰিত আয়োজিত চুকাফা দিৱসত উপস্থিত জয়ন্ত বৰুৱা : যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰিব চুকাফা সমন্বয় সাংস্কৃতিক বঁটা

Assam police