মিজোৰামৰ লুংলেইত হেৰ'ইন জব্দ

মিজোৰামৰ লুংলেইত হেৰ'ইন জব্দ

ডিজিটেল সংবাদ,শিলচৰ : চুবুৰীয়া ৰাজ্য মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰা হৈছে।‌ গোপন তথ্যৰ ভিত্তিত শনিবাৰে মিজোৰামৰ লুংলেই থানা আৰু বিশেষ আৰক্ষী বাহিনীয়ে যুটীয়া অভিযান চলাই এখন ছুমো গাড়ীৰ‌ পৰা হেৰ'ইনসমূহ জব্দ কৰে।‌

চম্পাইৰ পৰা আহি থকা এম জেড-০১কিউ ৫৮৬৫ নম্বৰৰ ছুমো গাড়ীখনত তালাচী চলোৱাৰ সময়ত জব্দ কৰা হয় ৫০ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ।‌‌ ৩০ খন ঊলৰ কম্বলত ভৰাই অনা এটা বস্তাৰ পৰা জব্দ কৰা হয় হেৰ'ইনখিনি। উল্লেখ্য যে কম্বলৰ বস্তাটো চম্পাইৰ পৰা লুংলেইৰ লালডিংপুই নামৰ‌ এগৰাকী‌ ৩২ বছৰীয়া মহিলাৰ নামত ছুমোখনত পঠোৱা হৈছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি চাবোনৰ বাকচ কেইটাৰ পৰা জব্দ কৰা হেৰ'ইনৰ ওজন ৬০১.১৪ গ্ৰাম। আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য ১৮,০৩,৪২০ টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে। আনহাতে লুংলেই জিলাৰ‌ লুংলাউনৰ‌ লালডিংপুই (৩২)ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

মিজোৰামৰ লুংলেইত হেৰ'ইন জব্দ
দলীয় হস্তক্ষেপত গাদী বাচিল ক্ষমতান্ধ পৌৰপতি ৰাজীৱ দাসৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in