ডিজিটেল সংবাদ শিলচৰঃ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ গুৰুতৰ ভাৱে অসুস্থ হৈ সম্প্ৰতি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। পেটৰ অসুখ আৰু ডিহাইড্ৰেছনত ভোগা কবীন্দ্ৰ পুৰকায়স্থৰ দেহত হঠাতে ছডিয়াম হ্ৰাস পায়।
ইয়াৰ পিছতে তেখেতক সোমবাৰে নিশা শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয়। এটা বিশেষজ্ঞ চিকিৎসকৰ দলৰ এটাৰ তত্বাৱধানত বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে।
অৱশ্যে, ৯৪ বছৰীয়া পুৰকায়স্থ বৰ্তমান যথেষ্ট দুৰ্বল হোৱা বুলি পৰিয়ালৰ সূত্ৰে জানিব পৰা গৈছে। ইফালে বিজেপিৰ জ্যেষ্ঠ নেতাজনক চিকিৎসালয়ত ভৰ্তিৰ খবৰ পাই শিলচৰ ভ্ৰমণত থকা মন্ত্ৰী পীয়ুষ হাজৰীকা
কৌশিক ৰায়, শিলচৰৰ বিধায়ক দিপায়ন চক্ৰৱৰ্তী আৰু ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য ৰাতুল শৰ্মা হাস্পতালত উপস্থিত হৈ বৰ্ষীয়ান নেতাগৰাকীৰ স্বাস্থ্যৰ বুজ লয়।
তেওঁলোকে জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীৰ শীঘ্ৰে সুস্থ হৈ উঠাৰ কামনা কৰে। উল্লেখ্য যে কাছাৰ জিলা বিজেপিৰ উদ্যোগত যোৱা সোমবাৰে শিলচৰৰ দলীয় কাৰ্যলয়ত কবীন্দ্ৰ পুৰকায়স্থৰ ৯৪ সংখ্যক জন্ম দিন পালন কৰা হৈছিল। ইয়াৰ পিছতে তেও অসুস্থ হৈ পৰে।