মিজোৰামৰ ম্যানমাৰ সীমান্তত ৩১ টা বিদেশী জন্তু জব্দঃ গ্ৰেপ্তাৰ ম্যানমাৰৰ তিনি চোৰাং ব্যৱসায়ী

চুবুৰীয়া ৰাজ্য মিজোৰামৰ ম্যানমাৰ সীমান্তত ৩১ টা চোৰাং বিদেশী জীৱ-জন্তু উদ্ধাৰ হৈছে। অসম ৰাইফলছ আৰু বন বিভাগৰ যুটীয়া অভিযানত উদ্ধাৰ কৰা হৈছে এই বিদেশী জীৱ-জন্তু কেইটা।

author-image
Tushar Pratim
New Update
মিজোৰামৰ ম্যানমাৰ সীমান্তত ৩১ টা বিদেশী জন্তু জব্দঃ গ্ৰেপ্তাৰ ম্যানমাৰৰ তিনি চোৰাং ব্যৱসায়ী

ডিজিটেল সংবাদ শিলচৰঃ চুবুৰীয়া ৰাজ্য মিজোৰামৰ ম্যানমাৰ সীমান্তত ৩১ টা চোৰাং বিদেশী জীৱ-জন্তু উদ্ধাৰ কৰা হৈছে। অসম ৰাইফলছ আৰু বন বিভাগৰ যুটীয়া অভিযানত উদ্ধাৰ কৰা হৈছে এই বিদেশী জীৱ-জন্তু কেইটা।

Advertisment

এই বিদেশী জীৱ-জন্তু সৰবৰাহৰ অভিযোগত তিনি গৰাকী ম্যানমাৰৰ চোৰাং ব্যৱসায়ীকো আটক কৰিছে অভিযানকাৰী দলটোৱে। ধৃত‌ চোৰাং ব্যৱসায়ী কেইজনক থাউং ছুয়াংমুন, বিয়াক জাপিয়াং আৰু জেচি লালনুন মাৱিয়া বুলি চিনাক্ত কৰা হৈছে।

তেওঁলোক ম্যানমাৰৰ চিন ৰাজ্যৰ খাৱমাৱিৰ বাসিন্দা। অসম ৰাইফলৰ এক সূত্ৰই সদৰি কৰা মতে,মিজোৰামৰ চাম্পাই জিলাৰ ম্যানমাৰ সীমান্তৱৰ্তী জোখাউথাৰ চহৰ টিউ নদীৰ সমীপত অভিযান চলাই অসম ৰাইফলছ আৰু বন বিভাগে জব্দ কৰিছে বিদেশী জীৱ-জন্তু কেইটা।

জব্দ কৰা জীৱ-জন্তুসমূহৰ ভিতৰত ২৭ টা আফ্ৰিকান কাছ (African spurred tortoise),৩ টা পেটাগ’নিয়ান মাৰা, আৰু এডাল এলবিনো বাৰ্মিজ পাইথন। দেখাত শহাপহুৰ দৰে পেটাগোনিয়ান মাৰা জন্তবিধ সাধাৰণতে আৰ্জেণ্টিনাত পোৱা যায়।

অসম ৰাইফলছৰ সূত্ৰটোৰ  মতে, জব্দ কৰা এই জীৱ-জন্তু সমূহৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰত মূল্য প্ৰায়  ১ কোটি ৩১ লাখ  টকা । জানিব পৰা মতে, ম্যানমাৰৰ নাগৰিক তিনিজনে জীৱ-জন্তুবোৰ এখন বাহনৰ গোপন পাত্ৰত সৰবৰাহ কৰি মিজোৰামৰ মাজেৰে দক্ষিণ ভাৰতলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল। 

চোৰাং সৰবৰাহ মিজোৰাম