/asomiyapratidin/media/media_files/2025/04/30/F3Y8n4MwttIY6A7hLTew.jpg)
ডিজিটেল সংবাদ শিলচৰঃ বিগত ২৪ ঘণ্টাত চুবৰীয়া ৰাজ্য মণিপুৰৰ লগতে শিলচৰত পৃথক পৃথক অভিযানত বুজন পৰিমাণৰ নিচা জাতীয় দ্ৰব্যৰ লগতে চোৰাং বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হৈছে।খবৰ অনুসৰি চুবুৰীয়া ৰাজ্য মণিপুৰত আৰক্ষীয়ে এক অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে।
চুৰাচান্দপুৰ জিলাৰ ভালভেঙত এখন চাৰিচকীয়া বাহনত তালাচী চলাই আৰক্ষীয়ে ৩৩১ টা ব্ৰাউন চুগাৰ ভৰ্তি চাবোনৰ বাকচ জব্দ কৰিছে। বাকচ কেইটাৰ পৰা প্ৰায় চাৰি কিলোগ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰা হয়।
জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ নিষিদ্ধ বজাৰত মূল্য কেইবা কোটি টকা বুলি অনুমান কৰিছে আৰক্ষীয়ে। ব্ৰাউন চুগাৰ সৰবৰাহৰ সৈতে দুজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰী দুজন চুৰাচান্দপুৰ জিলাৰ ভেঙনুয়ামৰ চিংখানলুম আৰু ছিংগাট মহকুমাৰ চুয়াংদোহ এলেকাৰ ভুঙটান ছানা। তেওঁলোকৰ পৰা জব্দ কৰিছে এখন চাৰিচকীয়া পিক আপ বাহন আৰু দুটা মোবাইল ফোন।
/asomiyapratidin/media/media_files/2025/04/30/oyJJe1CAK0cKBIO6zov3.jpeg)
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়েও এক বৃহৎ সফল অভিযান সম্পন্ন কৰিছে। শিলচৰ মেহেৰপুৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে ৬০ হাজাৰ নিচা জাতীয় য়াবা টেবলেট জব্দ কৰিছে।
খবৰ অনুসৰি গোপন তথ্যৰ ভিত্তিত এখন চুইফট ডিজায়াৰ বাহনত তালাচী চলাই আৰক্ষীয়ে ৬০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট আৰু ৩৮৬ গ্ৰাম হেৰ'ইন জব্দ কৰিছে। ৩৮ টা চাবোনৰ বাকচৰ পৰা জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ হেৰ'ইন খিনি।
জব্দ কৰা য়াবা টেবলেট আৰু হেৰ'ইনৰ ক'লা বজাৰত মূল্য প্ৰায় ২০ কোটি টকা বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই। ড্ৰাগছৰ সৈতে মেহেৰপুৰৰ মইনুল হক চৌধুৰী লেনৰ ৰাজা মিঞা বৰভুঞা নামৰ এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
/asomiyapratidin/media/media_files/2025/04/30/N18xgxnzEEZ4oNY4yBrG.jpeg)
জব্দ কৰা নিচাজাতীয় সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰা সৰবৰাহ কৰি কাছাৰ জিলাৰ মাজেৰে বহি: ৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল ড্ৰাগছ ব্যৱসায়ীয়ে। আনহাতে বি এছ এফ আৰু শুল্ক বিভাগৰ অভিযানত শিলচৰত ১.৪৯ কোটি টকাৰ চোৰাং বিদেশী চিগাৰেট জব্দ কৰা হৈছে।
/asomiyapratidin/media/media_files/2025/04/30/E8aztBcRcJTtIZNGtR6I.jpeg)
শ্ৰীভূমিস্থি কেন্দ্ৰীয় শুল্ক বিভাগ আৰু মিজোৰাম-কাছাৰ ফ্ৰন্টিয়াৰৰ বি এছ এফৰ যুটীয়া অভিযানত শিলচৰত জব্দ কৰা হয় এই বিদেশী চিগাৰেটসমূহ। গোপন তথ্যৰ ভিত্তিত এখন ট্ৰাকত তালাচী চলাই ৬৭ কাৰ্টুন কোৰিয়াত প্ৰস্তুত কৰা ই এছ এছ লাইটছ ব্ৰেণ্ডৰ চোৰাং চিগাৰেট জব্দ কৰা হৈছে। জব্দ কৰা বিদেশী চিগাৰেটখিনিৰ মূল্য ১ কোটি ৪৯ লাখ টকা বুলি সদৰী কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us