কাছাৰত ৩০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট জব্দ

কাছাৰত ৩০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট জব্দ

ডিজিটৈল সংবাদ, শিলচৰ: কাছাৰ জিলাত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। অসম ৰাইফলছৰ ২৯ নম্বৰ বেটেলিয়ন আৰু লক্ষীপুৰ থানাৰ আৰক্ষীয়ে সোমবাৰে যুটীয়া অভিযান চলাই জব্দ কৰে ৩০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট। গোপন তথ্যৰ ভিত্তিত অসম ৰাইফলছ আৰু আৰক্ষীয়ে শিলচৰ-ইম্ফল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দীঘেৰ ফুলেৰৰতল বাইপাছত এখন স্কুটীত তালাচী চলাই জব্দ কৰে টেবলেট খিনি।

এএচ১১জেড- ২৭৯৭ নম্বৰৰ হোণ্ডা স্কুটিখনৰ ছীটৰ তলত লুকুৱাই অনা হৈছিল টেবলেট খিনি। টেবলেট সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে মাৰকুলিনৰ ৰামছাঙ্গা মাৰ নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

জব্দ কৰা টেবলেট খিনিৰ বজাৰ মূল্য প্ৰায় ৯০ লাখ টকা বুলি সদৰি কৰিছে অসম ৰাইফলছে। মণিপুৰৰ পৰা সৰবৰাৰহ কৰা নিচাজাতীয় টেবলেট খিনি বিক্ৰীৰ বাবে কাছাৰলৈ আনিছিল ধৃত‌ ৰামছাঙ্গা মাৰে। বৰ্তমান লক্ষীপুৰ থানাত জেৰা অব্যাহত ৰখা হৈছে ড্ৰাগছ সৰবৰাহকাৰীজনক।

কাছাৰত ৩০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট জব্দ
'গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ-২০২৩'ৰ ব্যাপক প্ৰস্তুতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in