শিলচৰত বুজন পৰিমাণৰ হেৰ'ইন জব্দ

শিলচৰত বুজন পৰিমাণৰ হেৰ'ইন জব্দ

author-image
Asomiya Pratidin
New Update
শিলচৰত বুজন পৰিমাণৰ হেৰ'ইন জব্দ

ডিজিটেল সংবাদ, শিলচৰ: ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। বৃহস্পতিবাৰে নিশা বিএছএফ আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই শ্ৰীকোণা কাটাখালৰ পৰা ৭০ কোটি টকা মূল্যৰ ২ লাখ ৬০ হাজাৰ য়াবা টেবলেট জব্দ কৰিছিল। ইয়াৰ পিছত শুকুৰবাৰে আবেলি শিলচৰত অভিযান চলাই পুনৰ বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰে শিলচৰ আৰক্ষীয়ে।

Advertisment

গোপন তথ্যৰ ভিত্তিত ৰাংগিৰখাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক হিমাক্ষী নাথৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই শিলচৰ সোণাইৰোডৰ পৰা ৭ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।

বাকচ কেইটাৰ পৰা ৮০.১৯ গ্ৰাম হেৰ''ইন জব্দ কৰা হয়। জব্দ কৰা হেৰ''ইনৰ মূল্য কেবা লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে। হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে কামাল উদ্দিন নামৰ এজন‌ সৰবৰাহ কাৰীক গ্ৰেপ্তাৰ কৰে ।

ধৃত কামাল উদ্দিনৰ ঘৰ‌ কৰিমগঞ্জ জিলাৰ আছিমগঞ্জত। আৰক্ষীয়ে সদৰী কৰামতে, সোণাই ৰোডৰ নিউ শুভ মিলন মেৰিয়েজ হলৰ সমীপত হেৰ'ইন বিক্ৰী কৰিবলৈ ৰৈ আছিল ধৃত কামাল উদ্দিন। গোপন তথ্যৰ ভিত্তিত এই খবৰ লাভ কৰাৰ পিছত আৰক্ষীয়ে কৌশলেৰে আটক কৰে ড্ৰাগছৰ সৰবৰাহকাৰী জনক। তেওঁৰ পৰা ৭ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ উদ্ধাৰ হোৱাৰ পিছত গ্ৰেপ্তাৰ কৰা হয় কামাল উদ্দিনক। বৰ্তমান ৰাংগিৰখাৰী আৰক্ষী চকীত কামাল উদ্দিনক জেৰা চলাই আছে আৰক্ষীয়ে।

Also Read: ইজৰাইল-হামাছৰ যুদ্ধত সাংবাদিকৰ মৃত্যু

drugs