
ডিজিটেল সংবাদ,শিলচৰ: এফালে মুখ্যমন্ত্ৰীৰ অমৃত বৃক্ষ আন্দোলন । আনফালে, আবকাৰী আৰু মীনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গৃহ সমষ্টিত বনধ্বংস যজ্ঞৰ ঘটনা।
সম্প্ৰতি এনে বিপৰীত দৃশ্য দেখা গৈছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গৃহ সমষ্টি ধলাইত। একাংশ বন বিষয়াৰ প্ৰত্যক্ষ সহযোগত বনমাফিয়া সকলে ধলাইত চলাইছে বনধ্বংস যজ্ঞ। এফালৰ পৰা মূল্যবান চেগুন গছ কটাৰ দৃশ্য বন্দী হৈছে কেমেৰাত।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ৰাজ্য খনত এক কোটি গছপুলি ৰোপনেৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে দেহে কেহে চেষ্টা চলোৱাৰ বিপৰীতে কাছাৰ জিলাত দেখা গৈছে বনধ্বংসৰ এই ভয়ংকৰ দৃশ্য।
মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গৃহ সমষ্টি ধলাইৰ হাৱাইথাং ৰেঞ্জৰ অন্তৰ্গত বাঘেলাৰ বাগখাল বনাঞ্চলত একাংশ বনদস্যুয়ে হাৱাইথাং বিট অফিচৰ অন্তৰ্গত বনাঞ্চলৰ মূল্যবান চেগুন গছ কাটি তহিলং কৰিছে। অভিযোগ অনুসৰি বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ ছত্ৰছায়াতে বনদস্যু সকলে এইদৰে এফালৰ পৰা মূল্যবান চেগুন গছ কাটি তহিলং কৰিছে বনাঞ্চল। এই বনধ্বংস ৰ আৰত হাৱাইথাঙৰ বিট অফিচাৰ কৃষ্ণেন্দু সিনহাৰ প্ৰত্যক্ষ মদত থকা বুলি অভিযোগ উত্থাপন হৈছে।
যোৱা দেওবাৰে তিনিটা মেচিন লগাই কেবাজোপা মূল্যবান চেগুন গছ কটাৰ দৃশ্য কেমেৰাত বন্দী হোৱাৰ পিছত পোহৰলৈ আহিছে ধলাইত সংঘটিত বনধ্বংসৰ ঘটনা। এতিয়া স্বাভাবিকতে প্ৰশ্ন উত্থাপিত হৈছে বনকৰ্মী সকলে পহৰা দি থকা অৱস্থাত দিনৰ ভাগত মূল্যবান গছ কাটিবলৈ কেনেকৈ সাহস পালে বনদস্যু সকলে ? এই বন ধংস যজ্ঞৰ আৰত বিট অফিচাৰ জৰিত থকা বুলি অভিযোগ কৰিছে স্থানীয় লোকে।
স্থানীয় লোকে গছ কটাত বাধা দিলে ওলোটাই তেওঁলোককে গছ কটা ঘটনাত ফচাই দিয়া হব বুলি বিট অফিচাৰ কৃষ্ণেন্দু সিনহাই হুংকাৰ দিয়াৰো অভিযোগ স্থানীয় লোকৰ।
ইফালে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ পোনছাটেই অস্বীকাৰ কৰিছে বিট অফিচাৰ কৃষ্ণেন্দু সিনহাই। মূল্যবান চেগুন গছ কটা বাবে কাৰ্যত তেওঁ স্থানীয় লোককে দায়ী কৰে। অবশেষত বন বিষয়া গৰাকীৰ নেতৃত্বত ফলাকাঠ বোৰ বাজেয়াপ্ত কৰা হয়।
উল্লেখ্য যে দুৰ্নীতি গ্ৰস্ত এই গৰাকী বিট অফিচাৰৰ বিৰুদ্ধে ইতিমধ্যে কাছাৰৰ DFO ক লিখিত অভিযোগ দি তেওঁক হাৱাইথাঙৰ পৰা বদলি কৰিবলৈ আবেদন জনাইছে স্থানীয় লোকে।