ৰাজ্যৰ সংখ্যালঘুসকলক চূড়ান্ত প্ৰতাৰণা বদৰুদ্দিন আজমলৰ : দেৱব্ৰত শইকীয়া

ৰাজ্যৰ সংখ্যালঘুসকলক চূড়ান্ত প্ৰতাৰণা বদৰুদ্দিন আজমলৰ : দেৱব্ৰত শইকীয়া

ডিজিটেল সংবাদ, শিলচৰ: ৰাজ্যৰ সংখ্যালঘুসকলক চূড়ান্ত প্ৰতাৰনা কৰাৰ অভিযোগ উত্থাপন কৰি এইবাৰ এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলক ক্ষুৰধাৰ সমালোচনা কৰিছে বিধায়িনী দলৰ নেতা দেবব্ৰত শইকীয়াই। দেওবাৰে শিলচৰৰ আৱৰ্ত ভৱনত আয়োজিত এক সংবাদ মেলত আজমল আৰু এ আই ইউ ডি এফক এইদৰে তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়াই।

সংখ্যালঘু সকলৰ ৰক্ষা কৱচ আই এম ডি টি আইন পুনৰ্বাহাল ৰখাৰ স্বাৰ্থত জন্ম দিয়া দলটোৱে আজিলৈ বিষয়টো লৈ সংসদ অথবা বিধান সভাত এবাৰো মাত নামাতিলে। অথচ দলৰ সভাপতি বদৰুদ্দিন আজমল, তেওঁৰ ভাতৃ ছিৰাজুদ্দিন আজমল সাংসদ হোৱাৰ বিপৰীতে তেওঁৰ এজন পুত্ৰ আৰু কেবাজনো দলৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছে।

কিন্তু কোনেও আজিলৈ আই এম ডি টি আইন পুনৰ্বাহাল ৰখাৰ ক্ষেত্ৰত এষাৰ মাতো নামাতিলে বুলি আজমলক সমালোচনা কৰে দেবব্ৰত শইকীয়াই। বিজেপিক জয়ী কৰাৰ স্বাৰ্থতে এই বিষয়ে সম্পূৰ্ণ নিৰৱ বদৰুদ্দিন আজমল। আজমলৰ‌ বাবেই বিজেপিৰ উত্থান হৈছে বুলি মন্তব্য কংগ্ৰেছী নেতাজনৰ।

ৰাজ্যৰ সংখ্যালঘুসকলক চূড়ান্ত প্ৰতাৰণা বদৰুদ্দিন আজমলৰ : দেৱব্ৰত শইকীয়া
অভিনন্দন ! বিকাশৰ গতিত সুৰংগত আৱদ্ধ শ্ৰমিকৰ জীৱন...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in