/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-22/swf073rm/AP-FOR-WEB-nomintaion.jpg)
ডিজিটেল সংবাদ,শিলচৰঃ হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ আজি মনোনয়ন দাখিল কৰিলে ধলাই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুবজ্যোতি পুৰকায়স্থই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া সহ কেবাজনো বিধায়ক আৰু কংগ্ৰেছ নেতা-কৰ্মীৰে এক বিশাল সমদল কৰি কাৰ্যত শক্তি প্ৰদৰ্শন কৰিলে কংগ্ৰেছে।
জিলা কংগ্ৰেছৰ কাৰ্যালয় ইন্দিৰা ভৱনৰ পৰা সমদল উলিয়াই জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়াৰ হাতত মনোনয়ন দাখিল কৰে ধ্ৰুবজ্যোতি পুৰকায়স্থই। তেওঁক সমৰ্থন আৰু উৎসাহিত কৰিবলৈ সমদলত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। শিলচৰত দলৰ কৰ্মী সকলৰ উৎসাহ দেখি অভিভূত হৈ পৰে। ধলাই উপ নিৰ্বাচনত এইবাৰ বিপুল ভোটৰ ব্যৱধানত দলীয় প্ৰাৰ্থী ধ্ৰুবজ্যোতি পুৰকায়স্থ জয়ী হব বুলি দাবী কৰে ভূপেন বৰাই।
বৰাই কয় যে, এক ৰাজনৈতিক ইতিহাস থকা ঘৰৰ যুৱক ধ্ৰুবজ্যোতি পুৰকায়স্থ এজন যোগ্য প্ৰাৰ্থী। দীৰ্ঘ দিন ধৰি বৰাক উপত্যকাক অন্যায় কৰি অহা বিজেপিক এইবাৰ ধলাই নিৰ্বাচনৰ জৰিয়তে ৰাইজে প্ৰত্যুত্তৰ দিব। দীৰ্ঘদিন ধৰি বৰাকত পৰা এজন মন্ত্ৰী নিদিয়া, ডিলিমিটেছনৰ নামত দুটাকৈ সমষ্টি কৰ্তন কৰা, বৰাকৰ চাহ শ্ৰমিক সকলক উচিত মজুৰি নিদিয়া সহ বিভিন্ন অভিযোগ উত্থাপন কৰে বিজেপিৰ বিৰুদ্ধে। এইবোৰ কাৰনত বিজেপিৰ বিৰুদ্ধে পুঞ্জীভূত হৈ থকা ক্ষোভৰ ১৩ নবেম্বৰত বহিঃ প্ৰকাশ ঘটিব বুলিও মন্তব্য কৰে ভূপেন বৰাই।
ইফালে, ধলাইত জয়ী হোৱাতো এশ শতাংশ নিশ্চিত বুলি দাবী কৰিছে কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুবজ্যোতি পুৰকায়স্থই। প্ৰাৰ্থী গৰাকীৰ মতে, সংবিধান ৰক্ষা কৰা আৰু বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে আজি হাজাৰ হাজাৰ লোক এইদৰে কংগ্ৰেছৰ লগত ওলাই আহিছে। বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস আৰু বিজেপিক কটাক্ষ কৰি কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে লগতে কয় যে ধলাই বাসীয়ে এজন ভূমিপুত্ৰ প্ৰাৰ্থী বিচাৰিছে। তেওঁ যিহেতু খিলঞ্জীয়া ভূমিপুত্ৰ, গতিকে তেওঁৰ জয় এশ শতাংশ নিশ্চিত।