কাছাৰৰ সোণাবাৰীঘাটত গা ধুবলৈ গৈ সলিল সমাধি ১০ বছৰীয়া শিশুৰ

সোমবাৰে কাছাৰ জিলাৰ সোণাবাৰীঘাটত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। জানিব পৰা মতে সমনীয়াৰ সৈতে জলাশয়ত গা ধূবলৈ গৈ  সলিল সমাধি ঘটিল এগৰাকী ১০ বছৰীয়া শিশুৰ।  

author-image
Asomiya Pratidin
New Update
কাছাৰৰ সোণাবাৰীঘাটত গা ধুবলৈ গৈ সলিল সমাধি ১০ বছৰীয়া শিশুৰ

ডিজিটেল সংবাদ শিলচৰ: কাছাৰৰ সোণাবাৰীঘাটত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। সমনীয়াৰ সৈতে জলাশয়ত গা ধূবলৈ গৈ  সলিল সমাধি ঘটিল এগৰাকী ১০ বছৰীয়া শিশুৰ।  

জানিব পৰা মতে সোমবাৰে দুপৰীয়া ঘৰৰ কাষৰে বোয়ালজুৰি জলাশয়ত কেইজনমান সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল তানিজ আহমেদ লস্কৰ নামৰ শিশুটি। গা ধুই থাকোতেই হঠাতে পানীত ডুব যায় শিশুটি। 

ইফালে, এই ঘটনাৰ খবৰ বিয়পি পৰাত স্থানীয় আৰু পৰিয়ালৰ লোকে অজ্ঞান অৱস্থাত শিশুটিক পানীৰ পৰা উদ্ধাৰ কৰি বচাবলৈ আপ্ৰাণ চেষ্টা চলায়। ঘটনাৰ খবৰ লাভ কৰাত ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষীও।

পিচত শিশুটিক চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালয়লৈ প্ৰেৰণ কৰা হয়  যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। অতি দৰিদ্ৰ পৰিয়ালৰ শিশুটিৰ মৃত্যুত অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে।

কাছাৰ