দুই পৃথক অভিযানত কাছাৰত প্ৰায় ৪৫ কোটি মূল্যৰ নিচা জাতীয় দ্ৰব্য জব্দঃ ৪ জনক আটক

ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ‌ সাফল্য।  কাছাৰৰ দুটা পৃথক স্থানক অভিযান চলাই ডেৰ লাখ নিচাজাতীয় য়াবা টেবলেট  জব্দ কৰিছে আৰক্ষীয়ে ।  

author-image
Asomiya Pratidin
New Update
দুই পৃথক অভিযানত কাছাৰত প্ৰায় ৪৫ কোটি মূল্যৰ নিচা জাতীয় দ্ৰব্য জব্দঃ ৪ জনক আটক

ডিজিটেল সংবাদ, শিলচৰ: ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ‌ সাফল্য।  কাছাৰৰ দুটা পৃথক স্থানক অভিযান চলাই ডেৰ লাখ নিচাজাতীয় য়াবা টেবলেট  জব্দ কৰিছে আৰক্ষীয়ে ।  

Advertisment

শিলচৰৰ বেতুকান্দি  আৰু শিলচৰ- আইজল পথৰ সোনাইৰোডত অভিযান চলাই আৰক্ষীয়ে ক্ৰমে ১ লাখ আৰু ৫০ হাজাৰ য়াবা টেবলেট জব্দ কৰিছে। ৰন্ধন গেছৰ খালী চিলিণ্ডাৰৰ ভিতৰত লুকুৱাই আনিছিল টেবলেট খিনি।  

টেবলেট ভৰ্তি তিনিটা চিলিণ্ডাৰৰ পৰা জব্দ কৰা হয় এই বুজণ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীখিনি। জব্দ কৰা টেবলেটখিনিৰ ক'লা বজাৰত আনুমানিক মূল্য প্ৰায় ৪৫ কোটি টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে।  

অবিযানৰ সময়ত ড্ৰাগছ সেৱন, সৰবৰাহৰ সৈতে জড়িত থকা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। লগতে নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰা চিলিণ্ডাৰৰ গাড়ী খনো জব্দ কৰিছে আৰক্ষীয়ে।

সম্প্ৰতি শিলচৰ থানাত জেৰা অব্যাহত ধৃত লোক কেইজনক। ইফালে ৪৫ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত নিচাজাতীয় সামগ্ৰীৰ ফটো আপলোড কৰি কাছাৰ আৰক্ষীক ধন্যবাদ জনাইছে।

নিচা জাতীয় টেবলেট কাছাৰ