/asomiyapratidin/media/media_files/2025/06/04/5cSE5zpgOxhC890QyaIt.jpg)
ডিজিটেল সংবাদ শিলচৰ: কাছাৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ পৰা জাৰি হোৱা এক নিৰ্দেশনাৰ জৰিয়তে জিলাখনৰ সকলো শিক্ষানুষ্ঠান দুদিনৰ বাবে বন্ধ ঘোষণা কৰিছে। কাছাৰৰ অপৰিবৰ্তিত বান পৰিস্থিতিৰ বাবেই ৪ আৰু ৫ জুনত শিক্ষানুষ্ঠান বন্ধৰ এই ঘোষণা।
উল্লেখ্য যে, প্ৰতিকুল বতৰৰ বাবে এক নিৰ্দেশনাৰ জৰিয়তে যোৱা ১ জুনত কোৱা হৈছিল যে, সকলো চৰকাৰী, প্ৰাদেশিকীকৃত আৰু ভেঞ্চাৰ স্কুলসমূহ ২ আৰু শৈক্ষিক প্ৰতিষ্ঠান ৩ জুনলৈকে বন্ধ থাকিব। কিন্তু অপৰিবৰ্তিত বতৰৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধৰ দিন ৫ জুনলৈকে বৃদ্ধি কৰা হৈছে।
বান বিধ্বস্কত জিলাখনৰ বহু কেইখন বিদ্যালয় আশ্ৰয় শিবিৰ হিচাপেও ব্যৱহাৰ কৰি থকা হৈছে। নদীৰ জলস্তৰো বিপদসীমাৰ ওপৰেদি বৈ আছে। সেয়ে সাম্ভাব্য পৰিস্থিতিৰ বাবে আগতীয়াকৈ সুৰক্ষামূলকভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
/asomiyapratidin/media/media_files/2025/06/04/Yl1LjvuZCMPWgH50wEcO.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us