/asomiyapratidin/media/media_files/2024/12/11/Z6TyBNXD7CA7s9Wp4OKH.jpg)
ডিজিটেল সংবাদ শিলচৰঃ ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাত বৰাকৰ দুজনকৈ বিধায়কে স্থান লাভ কৰাত ব্যাপক উৎসাহ দেখা গৈছে বৰাক উপত্যকাত। মন্ত্ৰীত্ব লাভৰ পিছত বৃহস্পতিবাৰে প্ৰথম বৰাকলৈ আহিব নব নিযুক্ত দুই মন্ত্ৰী কৌশিক ৰাই আৰু কৃষ্ণেন্দু পাল।
ইফালে,দুই মন্ত্ৰীকে আদৰণি আৰু সম্বৰ্ধনা জনাবলৈ ব্যাপক প্ৰস্তুতি লৈছে কাছাৰ আৰু শ্ৰীভূমি জিলা বিজেপিয়ে। ইতিমধ্যে শিলচৰ চহৰত বিশাল আকাৰৰ কেইখনো তোৰণ আৰু মন্ত্ৰী দুজনৰ কাট আউট সাজি তোলা হৈছে।
বৃহস্পতিবাৰে পুৱা আঠ বজাত কুম্ভীৰগ্ৰাম বিমান কোঠত অৱতৰন কৰাৰ পিছতে সহস্ৰাধিক বাহনৰ এক বিশাল সমদল কৰি শিলচৰলৈ আদৰি অনা হ'ব কৌশিক ৰাই আৰু কৃষ্ণেন্দু পালক । শিলচৰৰ ৰংপুৰ মধুৰা পইন্টত উপস্থিত হোৱাৰ পিছত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিব মন্ত্ৰীদ্বয়ে।
ইয়াৰ পিছতে যুৱ মৰ্চাৰ উদ্যোগত এক বিশাল বাইক ৰেলী কৰি এখন খোলা জীপত শিলচৰ ইটখলাস্থিত কাছাৰ বিজেপিৰ কাৰ্যলয়লৈ আদৰি অনা হ'ব দুই মন্ত্ৰীক। বিজেপি কাৰ্যলয়ত মন্ত্ৰীদ্বয়ক সম্বৰ্ধনা জনাব কাছাৰ বিজেপিয়ে। ইয়াৰ পিছত দলীয় কাৰ্যলয়ৰ পৰা ৰাংগিৰখাৰীলৈ এক পদযাত্ৰাত নব নিযুক্ত মন্ত্ৰীদ্বয়ে অংশ ল'ব বুলি জানিবলৈ দিয়ে কাছাৰ বিজেপিৰ সভাপতি বিমলেন্দু ৰয়ে।