আৰম্ভ হ'ল ভুৱন মেলাঃ বাবাৰ দৰ্শনৰ বাবে পাহাৰ বগাইছে লাখ লাখ দৰ্শনাৰ্থীয়ে...

আৰম্ভ হ'ল ভুৱন মেলাঃ বাবাৰ দৰ্শনৰ বাবে পাহাৰ বগাইছে লাখ লাখ দৰ্শনাৰ্থীয়ে...
আৰম্ভ হ'ল ভুৱন মেলাঃ বাবাৰ দৰ্শনৰ বাবে পাহাৰ বগাইছে লাখ লাখ দৰ্শনাৰ্থীয়ে...

ডিজিটেল সংবাদ শিলচৰঃ আজিৰে পৰা আৰম্ভ হ'ল ঐতিহ্যমণ্ডিত ভুবন মেলা। মহাশিৱৰাত্ৰিৰ আগমণৰ লগে লগে বৰাক উপত্যকাৰ ঐতিহ্যমণ্ডিত ভুৱন মেলা।

বাবা ভুৱনৰ দৰ্শন আৰু আৰধানাৰ বাবে ভুৱন পাহাৰলৈ আগমণ ঘটিছে লাখ লাখ ভক্তৰ। আজি ৰাজ্য চৰকাৰৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কৃষ্ণপুৰত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে এই ভুৱন মেলাৰ।

এই উদ্বোধনী অনুষ্ঠানত ভুৱন্তীৰ্থ উন্নয়ন আৰু ন্যায্য ব্যনস্থাপনা সমিতিৰ সভাপতি সোমেন দাসৰ অধ্যক্ষতাত এক বৈঠকো অনুষ্ঠিত হয়। অনুষ্ঠানত জিলা পৰিষদৰ প্ৰাক্তন সদস্য ক্ৰিপেশ ঘোষ, বিভাষ দেৱ, সুবোধ ৰঞ্জন দাস, ভুৱনহিল গাওঁ পঞ্চালয়তৰ সভাপতি নিহাৰ ৰঞ্জন শুক্লবৈদ্য, আঞ্চলিক পঞ্চায়তৰ সদস্য ৰেণুবালা দাস আদি উপস্থিত থাকে।

অনুষ্ঠানত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে, মুখ্যমন্ত্ৰী অহাৰ সময়ত হেলিপেড নিৰ্মাণ কৰা হৈছিল। সেয়া এতিয়াও ব্যৱহাৰৰ উপযোগী হৈ আছে। প্ৰয়োজন সাপেক্ষে সেই হেলিপেড আকৌ ব্যৱহাৰ কৰা হ'ব।

ইয়াৰ উপৰিও তেওঁণ ভুৱন পাহাৰত দৰ্শনাৰ্থীৰ বাবে সুবিধা হোৱাকৈ স্থায়ী হেলিপেড, দুই লেন যুক্ত পথ, তীৰ্থ যাত্ৰীৰ বাবে নিশা কটাব পৰাকৈ আৱাসগৃহ আদি নিৰ্মাণৰ পৰিকল্পনা আছে।

তেওঁ কয়, মতিনগৰ হৈ ভুৱন পাহাৰলৈ দুই লেন যুক্ত পথ নিৰ্মাণৰ পৰিকল্পনা আছিল যদিও সাৰ্ভে গ্ৰুপে সেই অনুমতি প্ৰদান নকৰিলে। হাঁটু ভাঙা এলেকাটো অতি বিপদজনক। অত্যাধিক ভিৰ হ'লেই অঘটন সংঘটিত হয়।

কয়লা চুৰি কৰিবলৈ আহি পাটকাইৰ বুুকুত হেৰাল প্ৰাঞ্জল মৰাণ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in