/asomiyapratidin/media/media_files/2025/04/16/fQw2nFcEnU7IAQ6r1sd7.jpg)
ডিজিটেল সংবাদ শিলচৰঃ কাছাৰ জিলাৰ ধলাইত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। দুটি শিশুক বলপূৰ্বক অটোত তুলি মিজোৰামলৈ অপহৰণৰ চেষ্টা চলাইছিল এজন অটো চালকে। কিন্তু নিজৰ বুদ্ধিমত্তাৰ বলত কোনো মতে অটোৰ পৰা পলাই জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে কণমানি দুই ভাতৃদ্বয়ে।
চাঞ্চল্যকৰ এই ঘটনা সংঘটিত হৈছে ধলাই সমষ্টিৰ মিজোৰাম সীমান্তৰ জামালপূৰত। জানিব পৰা মতে, জামালপুৰৰ ধনাই মিঞাৰ দুই শিশু পুত্ৰ ৰিকুল আহমেদ বৰভূঞা আৰু আজমল হুছেইন বৰভূঞাই আবেলি ওচৰতে থকা তেওঁলোকৰ শাক পাচলিৰ বাগান চাবলৈ গৈছিল।এনে সময়তে এজন অচিনাকী অটোচালকে শিশু দুটিক বলপূৰ্বক অটোত উঠাই মিজোৰামৰ দিশে লৈ গৈছিল।
যোৱাৰ পথত ভাগাবজাৰৰ ওচৰত এখন দোকানৰ সন্মুখত অটো ৰখাই অপহৰণকাৰীয়ে দোকানত কিবা কিনিবলৈ গৈছিল। নিজৰ বিপদৰ উমান পাই এই সময়তে মনে মনে অটোৰ পৰা নামি অপহৰণকাৰীৰ কবলৰ পৰা পলায়ন কৰে শিশু দুটিয়ে।
পিচত এটি ভিতৰুৱা পথেৰে গৈ থকা অৱস্থাত সন্ধিয়া একাংশ লোকে প্ৰত্যক্ষ কৰে অচিনাকী শিশুদুটিক। শিশু দুটিক সোধাপোছা কৰাৰ পিচতে পোহৰলৈ আহে শিশু দুটিক অপহৰণ চেষ্টা চলোৱাৰ বিষয়ে। পিছত শিশু দুটিক পৰিয়ালৰ লোকক চমজাই দিয়ে স্থানীয় ৰাইজে।