কাছাৰত ড্ৰাগছ জব্দঃ আটক মণিপুৰী মহিলাসহ আন এজন

কাছাৰত হেৰ'ইনসহ গ্ৰেপ্তাৰ হৈছে মণিপুৰৰ এগৰাকী মহিলা আৰু কাছাৰৰ এজন ড্ৰাগছ সৰবৰাহকাৰী।‌

author-image
Asomiya Pratidin
New Update
কাছাৰত ড্ৰাগছ জব্দঃ আটক মণিপুৰী মহিলাসহ আন এজন

ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰত হেৰ'ইনসহ গ্ৰেপ্তাৰ হৈছে মণিপুৰৰ এগৰাকী মহিলা আৰু কাছাৰৰ এজন ড্ৰাগছ সৰবৰাহকাৰী।‌ বুধবাৰে অসম ৰাইফলছ আৰু লক্ষীপুৰ আৰক্ষীয়ে লক্ষীপুৰ থানাধীন মাৰকুলিনত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা জব্দ কৰে প্ৰায় ৪৫ লাখ টকাৰ হেৰ’ইন।

Advertisment

মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ লালৰন ছুয়াং আৰু কাছাৰৰ জিৰিঘাট লৱনখালৰ ৰমা মাৰৰ পৰা জব্দ কৰা হয় ১০ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ। বাকচ কেইটাৰ পৰা জব্দ কৰা হয় ১১৪.৯৩ গ্রাম হেৰইন। জব্দকৃত হেৰ'ইনৰ মূল্য প্ৰায় ৪৫ লাখ টকা ।

হেৰ''ইন খিনি মনিপুৰৰ পৰা কাছাৰলৈ সৰবৰাহ কৰা হৈছিল বুলি সদৰি কৰিছে অসম ৰাইফলছে। পিছত হেৰ''ইন সহ ধৃত লোক দুজনক লক্ষীপুৰ থানাত গতাই দিয়া হয়। বৰ্তমান লক্ষীপুৰ থানাত জেৰা অব্যাহত ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক।

Also Read: কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা পলায়ন মোমায়েকক হত্যাৰ অভিযুক্ত প্ৰকাশ বৰ্মন...

assam rifles