/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ed7ca53b-0b92-4b7f-ae3a-32813549a4d6/3.jpg)
ডিজিটেল সংবাদ, শিলচৰ: সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে কাছাৰ জিলাতো অৰুণোদয় ২.০ৰ শুভ উদ্ধোধন কৰা হয়। জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অৰুণোদয় ২.০ৰ কাৰ্ড বিতৰণ অনুষ্ঠানৰ। কাছাৰ জিলাৰ মুঠ ৩৫,০৪৪ গৰাকী হিতাধীকাৰীক অৰুণোদয় ২.০ অধীনত সামৰি লোৱা হৈছে। নতুন হিতাধীকাৰীসকলে অহা মাহৰ ১০ তাৰিখত ১২৫০ টকাকৈ লাভ কৰাৰ বিপৰীতে পৰৱৰ্তী সময়ত এই ধনৰাশিৰ ১৪০০ টকালৈ বৃদ্ধি পাব বুলি সদৰি কৰে মন্ত্ৰী পীযুষ হাজৰীকায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/125807eb-1715-45ba-a45a-341ebff58a29/1d866e01_e3f6_4877_b5d1_92e1637c6292.jpg)
এই অনুষ্ঠানতে দুখীয়া লোক সকলক আঠুৱা কম্বল দি ক্ষমতাচ্যুত হোৱা বুলি কংগ্ৰেছক ক্ষূৰধাৰ সমালোচনা কৰে পীযুষ হাজৰীকায়। অমৃত কলহ কাৰ্যসূচীত অংশ লোৱা কংগ্ৰেছী বিধায়কক বহিস্কাৰ নকৰা সন্দৰ্ভতো পীযুষ হাজৰিকাই সমালোচনা কৰে ভূপেন বৰাক। লগতে কমলাক্ষ দে পুৰকায়স্থৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰা সন্দৰ্ভতো মন্তব্য কৰে পীযুষ হাজৰীকায়।
আনহাতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ প্ৰেৰণাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্যখনে উন্নয়নৰ নতুন ৰূপ লাভ কৰা বুলিও মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে। বৰ্তমানৰ চৰকাৰখনৰ দিনত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ, বাট-পথ আৰু দলং নিৰ্মাণ, ক্ৰীড়াৰ আন্তগাঁথনি নিৰ্মাণ আদিকে ধৰি বহুতো কাম হাতত লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0381c0f1-65e6-4ad5-8cc0-336a2524480d/1ec7b902_0202_446b_b7c7_6ec7202987cb.jpg)
ইয়াৰ পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে হাইলাকান্দি জিলাত উপস্থিত হৈ অৰুণোদয় ২.০ৰ অধীনত অৰুণোদয় কাৰ্ড বিতৰণ কায্যসূচীত অংশ লয় । এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে মিচ্যন বসুন্ধৰা, মিচ্যন ভূমিপুত্ৰকে ধৰি ৰাজ্য চৰকাৰৰ কল্যাণকামী অঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে।
মন্ত্ৰীগৰাকীৰ বুধবাৰৰ কাৰ্যসূচীকেইটাত দীপ্যায়ন চক্ৰৱৰ্তী, কৌশিক ৰায়, মিহিৰ কান্তি সোম, কৃষ্ণেন্দু পাল, বিজয় মালাকাৰ আৰু নিজামুদ্দিন চৌধুৰীৰ লগতে জিলা দুখনৰ আয়ুক্ত প্ৰমূখ্যে প্ৰশাসনৰ বিষয়াসকলে সংগ দিয়ে।
Also Read: মধুপুৰ সত্ৰক লৈ সামাজিক মাধ্যমত কোনে চলাইছে অপপ্ৰচাৰ ?