/asomiyapratidin/media/media_files/2025/03/05/G8xGvSs13YLKuNxp21Pm.jpg)
ডিজিটেল সংবাদ শিলচৰঃ চুবুৰীয়া ৰাজ্য মণিপুৰত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বুজণ পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে। অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে চূৰাচান্দপুৰ জিলাৰ থিংকাংফাইত যুটীয়া অভিযান চলাই ১৩২ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।
চাাবোনৰ বাকচ কেইটাৰ পৰা মুঠ ১ কেজি ৫১৮ গ্ৰাম হেৰ'ইন জব্দ কৰিছে বুলি জানিবলৈ দিছে। জব্দকৃত হেৰ'ইনখিনিৰ নিষিদ্ধ বজাৰত আনুমানিক মূল্য প্ৰায় ১৫ কোটি ৪০ লাখ টকা হ’ব পাৰে বুলি সদৰী কৰিছে অসম ৰাইফলছে।
নিষিদ্ধ হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে থাংছুৱান মুৱান নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। হেৰ'ইনখিনি ম্যানমাৰৰ পৰা সৰবৰাহ কৰা বুলি সন্দেহ কৰা হৈছে। সৰবৰাহকাৰী জনৰ পৰা এখন চাৰিচকীয়া বাহন আৰু এটা মোবাইল ফোনো জব্দ কৰা হৈছে।