/asomiyapratidin/media/media_files/2024/12/02/zk4vgIGMDAxh6Uh49DGU.jpg)
ডিজিটেল সংবাদ শিলচৰঃ এ আই ইউ ডি এফত অব্যাহত আছে নিলম্বনৰ ধাৰা। দলটোৱে পুনৰ এজন বিধায়কক ৬ বছৰৰ বাবে নিলম্বন কৰিছে।
নিলম্বিত বিধায়কগৰাকী নিজাম উদ্দিন চৌধুৰী। চৌধুৰী হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ বিধায়ক।
দলটোৱে ইয়াৰ পূৰ্বে নিলম্বন কৰিছিল হাইলাকান্দি সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰক। এই দুয়োগৰাকী বিধায়কৰ বিৰুদ্ধে উত্থাপিত হৈছে দল বিৰোধী কাম কাজত লিপ্ত থকাৰ।
উল্লেখ্য যে কিছুদিন পূৰ্বে নিজাম উদ্দিন চৌধুৰীৰ পুত্ৰ ছাদিন আহমদ চৌধুৰীয়ে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল।