ভোট দিবলৈ গৈ চাৰিদিন ধৰি সন্ধানহীন কাছাৰৰ এগৰাকী মহিলা

২ মে', ২০২৫ শুকুৰবাৰে অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত ভোট দিবলৈ গৈ আজি চাৰি দিনে সন্ধানহীন হৈ আছে কাছাৰৰ এগৰাকী মহিলা।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
ভোট দিবলৈ গৈ চাৰিদিন ধৰি সন্ধানহীন কাছাৰৰ এগৰাকী মহিলা 

ডিজিটেল সংবাদ শিলচৰ: যোৱা ২ মে', ২০২৫ শুকুৰবাৰে অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত ভোট দিবলৈ গৈ সন্ধানহীন হৈছে কাছাৰৰ এগৰাকী মহিলা। পৰিয়ালৰ লোকে অৱগত কৰা মতে ধলাই সমষ্টিৰ ৰুকনি ২য় খণ্ডৰ বাসিন্দা ৪৩ বছৰীয়া অপর্ণা নম:শুদ্র নামৰ মহিলাগৰাকী নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা দুপৰীয়া ভোট দিবলৈ ঘৰৰ পৰা ওলাই গৈছিল।‌ 

Advertisment

পালংঘাট চিচি জে চি উচ্চ মাধ্যমিক স্কুল ভোটগ্রহণ কেন্দ্ৰত ভোটদান কৰিবলৈ যোৱা মহিলাগৰাকী আজিলৈ ঘৰলৈ উভতি নাহিল। ভোটগ্ৰহণৰ দিনটোত ভোট দিবলৈ গৈ নিশালৈকে ঘৰলৈ উভতি নহাত, ওচৰে-পাজৰে আৰু আত্মীয়ৰ ঘৰত অপর্ণাৰ সন্ধান কৰে পৰিয়ালৰ লোকে।

কিন্তু ক'তো তেওঁৰ সন্ধান পোৱা নগ'ল।‌ অপর্ণা নম:শুদ্র এই দৰে আকস্মিকভাবে সন্ধানহীন হোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকসকল। মহিলাগৰাকী সন্ধানহীন হোৱা সন্দৰ্ভত অৱশেষত আৰক্ষীৰ শৰণাপন্ন হয় পৰিয়ালৰ লোকসকল।

 ইতিমধ্যে ধলাই থানাত তেওঁৰ সন্দৰ্ভত সন্ধানহীনৰ অভিযোগ দাখিল কৰিছে অপর্ণা নম:শুদ্রৰ পৰিয়ালে।‌ কোনো লোকে যদি মহিলাগৰাকীৰ সন্ধান লাভ কৰে তেন্তে  75062 42135 মোবাইল নম্বৰৰ জৰিয়তে অথবা ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ আহ্বান জনাইছে অপর্ণাৰ পৰিয়ালে।

 

কাছাৰ মহিলা সন্ধানহীন