লক্ষীপুৰ সমষ্টিত ১২ হাজাৰ মহিলাই লাভ কৰিব অৰুণোদয় ৩.০ৰ সুবিধা : বিধায়ক কৌশিক ৰায়

লক্ষীপুৰ সমষ্টিত ১২ হাজাৰ মহিলাই লাভ কৰিব অৰুণোদয় ৩.০ৰ সুবিধা : বিধায়ক কৌশিক ৰায়

author-image
Asomiya Pratidin
New Update
লক্ষীপুৰ সমষ্টিত ১২ হাজাৰ মহিলাই লাভ কৰিব অৰুণোদয় ৩.০ৰ সুবিধা : বিধায়ক কৌশিক ৰায়

ডিজিটেল সংবাদ, শিলচৰ : মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে অৰুণোদয় ৩.০ আঁচনি মুকলি কৰাৰ একে সময়তে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত এই আঁচনিখনৰ উদ্বোধন কৰা হয়। অসমৰ বিভিন্ন সমষ্টিৰ লগতে কাছাৰৰ লক্ষীপুৰ সমষ্টিতো এই অৰুণোদয় ৩-০ আচনিখন মুকলি কৰা হয়।

Advertisment

এই উপলক্ষে লক্ষীপুৰ চাহ বাগিচা খেলপথাৰত আয়োজিত এক বিশাল হিতাধিকাৰী সভাত অংশগ্ৰহন কৰে বিধায়ক কৌশিক ৰাই, জিলা আয়ুক্ত ৰোহন ঝা, জিলা বিজেপিৰ সভাপতি বিমলেন্দু ৰয়সহ খাদ্য বিভাগৰ বিষয়াসকল। লক্ষীপুৰ সমষ্টিত আজিলৈ মুঠ ২০ হাজাৰ হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে। এতিয়া অৰুণোদয় ৩.০ৰ অধীনত আৰু ১২ হাজাৰ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হ'ব বুলি ঘোষণা কৰে বিধায়ক কৌশিক ৰায়ে।

নতুনকৈ এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ ৰেচন কাৰ্ড নথকা লোকসকলক ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈও সমষ্টিৰ দুখীয়া লোকসকলক আহ্বান জনাই বিধায়কগৰাকীয়ে।

Also Read: ন’ ডিছকাউন্ট : ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছতে ৰং সলনি কৰিছে নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থাই

Silchar