বিধৱা পেঞ্চন পাবৰ বাবে আদায় দিব লাগিব ১০ হাজাৰ টকা...

বিধৱা পেঞ্চন পাবৰ বাবে বিধৱা মহিলাই আদায় দিব লাগে ১০ হাজাৰ টকা

author-image
Asomiya Pratidin
New Update
বিধৱা পেঞ্চন পাবৰ বাবে আদায় দিব লাগিব ১০ হাজাৰ টকা...

ডিজিটেল সংবাদ, শিলচৰ : দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্লোগান দিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত বিধৱা পেঞ্চন পাবৰ বাবে দুখীয়া বিধৱা মহিলাই আদায় দিব লাগে ১০ হাজাৰ টকা ৷

Advertisment

১০ হাজাৰ টকা আদায় নিদিলে বিধৱা পেঞ্চনৰ ধন নাপায় হিতাধিকাৰীয়ে ৷ দাবী কৰা ১০ হাজাৰ টকাৰ উৎকোচৰ বিৰোধিতা কৰাৰ বাবেই গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বৰৰ হাতত আক্ৰমণৰ বলি হ'ল এগৰাকী বিধৱা পেঞ্চন বিছাৰি আবেদন কৰা মহিলাৰ জ্যেষ্ঠ ভাতৃ ৷

এই ঘটনা সংঘটিত হৈছে কাছাৰ জিলাৰ সোণাই সমষ্টিৰ স্বাধীন বাজাৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত দক্ষিণমোহনপুৰ সপ্তম খণ্ডত ৷ গাঁওখনৰ দুখীয়া বিধৱা মহিলা চাইনা বেগম লস্কৰে বিধৱা পেঞ্চনৰ বাবে আবেদন কৰিব গৈছিল ৱাৰ্ড মেম্বৰ চাহনুৰ আলম লস্কৰৰ ঘৰত ৷

বিধৱা পেঞ্চনৰ বাবে আবেদনৰ লগত ১০ হাজাৰ টকা দাবী কৰে ৱাৰ্ড মেম্বৰ চাহনুৰ আলমে ৷ ১০ হাজাৰ টকা দিবলৈ অসমৰ্থ বিধৱা গৰাকীয়ে ২ হাজাৰ টকা আদায় দিয়ে ৱাৰ্ড মেম্বৰ জনক ৷ কিন্তু ১০ হাজাৰ নিদিলে বিধৱা পেঞ্চনৰ আবেদন গ্ৰহণ নকৰে বুলি মহিলা গৰাকীক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে চাহনুৰ আলমে ৷

জনপ্ৰতিনিধি গৰাকীৰ এনে আচৰণত ক্ষুদ্ধ হৈ প্ৰতিবাদ সাব্যস্ত কৰে মহিলা গৰাকীৰ লগত যোৱা জ্যেষ্ঠ ভাতৃ তোতামিয়া লস্কৰে ৷ তেওঁ প্ৰতিবাদ কৰাত খৰ্গগ্ৰস্ত হৈ চাহনুৰ আলমে তোতামিয়াৰ মূৰত ছুৰিৰে হানি প্ৰহাৰ কৰে চাহনুৰ আলমে ৷

ঘটনাৰ সন্দৰ্ভত সোণাই থানাত এজেহাৰ দাখিল কৰে চায়না বেগমে ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও দোষীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

assam Silchar