/asomiyapratidin/media/media_files/2024/11/29/x1Dy4wPEPe5szW0IGKNp.jpg)
ডিজিটেল সংবাদ, শিলচৰ: দীৰ্ঘদিন ধৰি ত্ৰাস সৃষ্টি কৰা দুজন গভাইত চোৰক গ্ৰেপ্তাৰ কৰিছে শিলচৰ আৰক্ষীয়ে। গোপন তথ্যৰ ভিত্তিত শিলচৰ সদৰ থানাৰ টি এছ আই শুভজিত দত্তৰ নেতৃত্বত আৰক্ষীৰ দল এটাই এখন অটোত তালাচী চলাই
চোৰ দুজনক গ্ৰেপ্তাৰ কৰে।
অটো খনত তালাচী চলাই আৰক্ষীয়ে ছয়টা মোবাইল ফোন, এটা ডাঙৰ বেটাৰী আৰু যান বাহন চাৰ্জ কৰা এটা চাৰ্জাৰ জব্দ কৰে। চুৰি সামগ্ৰী সহ গ্ৰেপ্তাৰ কৰা হয় শিলচৰ শ্ৰীকোণা গুৰবস্তি দ্বিতীয় খণ্ডৰ হাচান আহমেদ আৰু হাইলাকান্দি জিলাৰ বৰ্ণিব্ৰিজ চাহ বাগিচাৰ ছলমান উদ্দিন বৰভুঞাক।
আৰক্ষীৰ জেৰাত ধৃত চোৰ দূজনে সামগ্ৰী সমুহ চুৰি কৰা বুলি স্বীকাৰ কৰিছে।গ্ৰেপ্তাৰৰ পিচত চোৰ দুজনক আদালতত হাজিৰ কৰোৱাত আদালতে দুয়োকো জেল হাজোতলৈ প্ৰেৰণ কৰে।