/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/asaaaa.png)
ডিজিচেল সংবাদ, শিলচৰ: বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ অনাৰ সময়ত কাছাৰত পুনৰ চোৰাং ম'হ ভৰ্তি ট্ৰাক এখন জব্দ কৰিলে বিএছএফে ৷ শুকুৰবাৰে পুৱতি নিশা কাটিগৰা এলাকাৰ দিগৰখালত অভিযান চলাই এখন চোৰাং ম'হভৰ্তি ট্ৰাক জব্দ কৰে বিএছএফৰ মিজোৰাম – কাছাৰ ফিৰন্টিয়াৰ এক নম্বৰ বেটিলিয়নে ৷
গোপন তথ্যৰ ভিত্তিত বদৰপুৰ- জোৱাই ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত চলোৱা অভিযানত জব্দ হয় ম'হ ভৰ্তি ট্ৰাকখন ৷ NL01-AC – 9917 নম্বৰৰ ট্ৰাকখনত গুমৰাহ দিশৰ পৰা ম'হ কেইটা মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহ কৰাৰ সময়ত জব্দ কৰে বিএছএফে ৷
ম'হ ভৰ্তি ট্ৰাক খন জব্দ কৰে যদিও বিএছএফক দেখি পলাই যাবলৈ সক্ষম হয় ট্ৰাকৰ চালক আৰু হেণ্ডিমেন ৷ ট্ৰাক খনত অভিযান চলাই বিএছএফে ২০ টা চোৰাং ম'হ জব্দ কৰে৷ ম'হৰ লগতে ম'হ কঢ়িয়াই অনা ট্ৰাকখনো বাজেয়াপ্ত কৰা হয় ৷
পিচত ম'হ সহ ট্ৰাক খন গতাই দিয়া হয় গুমৰা আৰক্ষীক ৷ বিএছএফে সদৰী কৰা মতে, ভাৰত- বাংলাদেশ সীমান্তৰ বিএছএফৰ পীৰনগৰৰ কেম্পৰ পৰা ১২ কিমি দুৰত নিশা অভিযান চলাই বাজেয়াপ্ত কৰা ম'হ ২০ টাৰ মূল্য ১২ লাখ ২০ হাজাৰ টকা ৷