ব্যতিক্ৰমী! শিলচৰত মহিলা পুৰোহিতে পৰিচালনা কৰিছে বিয়া, নাই কন্যাদান প্ৰথা

ব্যতিক্ৰমী! শিলচৰত মহিলা পুৰোহিতে পৰিচালনা কৰিছে বিয়া, নাই কন্যাদান প্ৰথা

author-image
asomiyapratidin
New Update
ব্যতিক্ৰমী! শিলচৰত মহিলা পুৰোহিতে পৰিচালনা কৰিছে বিয়া, নাই কন্যাদান প্ৰথা

ডিজিটেল ডেস্ক:

Advertisment

শিলচৰত এখন ব্যতিক্ৰমী বিয়া ৷ বিয়াখনক লৈ এতিয়া সমগ্ৰ ৰাজ্যতে চৰ্চা হোৱা পৰিলক্ষিত হয়। শনিবাৰে সম্পন্ন হৈছে এই বিয়াখন।

দৰা পশ্চিমবংগৰ মৈনাক্য দে আৰু কইনা শিলচৰ লিংক ৰোডৰ চিকিৎসক ডাঃ অন্যানা দত্তৰায় ৷ মৈনাক্য আৰু অন্যানাৰ এই বিয়াখন এতিয়া বৰাকৰ লগতে অসমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷

যুগ যুগ ধৰি চলি অহা এক প্ৰথা সলনি হোৱা দেখা গৈছে বিয়া খনত । এই বিয়াত পুৰুষ পুৰোহিতৰ সলনি দেখা গৈছে এগৰাকী মহিলা পুৰোহিতক ৷ দৰা আৰু কইনাৰ ইচ্ছা অনুসৰি মহিলা পুৰিহিতেই সম্পন্ন কৰিছে বিয়াখন ৷

উল্লেখ্য যে, লিঙ্ক ৰোডৰ বাসিন্দা অপৰাজিতা ভট্টাচাৰ্যই ২০১২ চনৰ পৰাই বিভিন্ন মাংগলিক অনুষ্ঠান পৰিচলনা কৰি আহিছে যদিও বিয়া পৰিচলনা কৰিছে প্ৰথমবাৰৰ বাবে ৷

সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে বিয়াখন সম্পন্ন হৈছে যদিও বিয়াখনৰ পৰা বাতিল কৰা হৈছিল কন্যা দান প্ৰথা। কইনাৰ পিতৃ শিলচৰ বাসিন্দা সুপ্ৰদীপ দত্তৰায়ৰ মতে, নাৰীক সমমৰ্যদা দিয়াৰ বাবে জীয়ৰীৰ অনুৰোধত তেঁও এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

উল্লেখ্য যে পশ্চিবংগত সচৰাচৰ এনেদৰে মহিলা পুৰোহিত পৰিচালিত বিয়া অনুষ্ঠিত হৈ থাকিলেও শিলচৰত প্ৰথম বাৰৰ বাবে এনে বিয়া অনুষ্ঠিত হৈছে য'ত মহিলা পুৰোহিতে পৰিচালনা কৰিছে সকলো। চিকিৎসক ডাঃ অন্যানা দত্তৰায় এই সিদ্ধান্তক একাংশই প্ৰশংসা কৰিছে।

assam Silchar marriage